
নতুন দিল্লী, ২৬ মে’ (হি.স.)। পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ মাত্ৰ এদিন পিছতে আজি বৃদ্ধি পালে চিএনজিৰ মূল্য। আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি কিলোগ্ৰামত চিএনজিৰ হাৰ ₹২ বৃদ্ধি কৰা হৈছে। ১৫ মে’ৰ পিছত এয়া চতুৰ্থটো বৃদ্ধি। এই পৰিৱৰ্তনৰ লগে লগে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত এতিয়া প্ৰতি কিলোগ্ৰামত চিএনজিৰ মূল্য ₹৮৩.০৯ হয়গৈ ।
ইয়াৰ পূৰ্বে ১৫ মে’ত চিএনজিৰ মূল্য ২ ₹, ১৮ মে’ত ১ ₹, আৰু ২৩ মে’ত ১ ₹ বৃদ্ধি কৰা হৈছিল। ইন্ধনৰ মূল্য বৃদ্ধিৰ ফলত পৰিবহণ ব্যয় বৃদ্ধি হোৱাৰ লগতে ঘৰুৱা বাজেটত হেঁচা পৰিব বুলি আশা কৰা হৈছে।
এই বৃদ্ধিৰ কাৰণ হৈছে মধ্যপ্ৰাচ্যত চলি থকা উত্তেজনা, যাৰ ফলত হৰমুজ জলদ্বীপত জাহাজৰ যাতায়ত প্ৰভাৱ পৰিছে। মধ্যপ্ৰাচ্যত ইৰাণ আৰু আমেৰিকাৰ মাজত সংঘাত অব্যাহত আছে প্ৰায় ১২ সপ্তাহ। ইয়াৰ ফলত বিশ্ব শক্তিৰ মূল্য ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। খাৰুৱা তেলৰ দামতো উত্থান ঘটিছে। কালি পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ পিছত এই বছৰ প্ৰথমবাৰৰ বাবে ₹১০০ৰ সীমা অতিক্ৰম কৰিলে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া