
অসম হিন্দু সভ্যতাৰ সহ স্ৰষ্টা , ভাৰতবৰ্ষই মানুহক আধ্যাত্মিক স্বাধীনতা দিছে – দিগন্ত বিশ্ব শৰ্মা
গুৱাহাটী, ২৬ মে’ (হি.স.)। গুৱাহাটীৰ ভৰলুমুখস্থিত আলোক ভৱনৰ সংঘ সাধক মধুকৰ লিমায়ে ভৱনত আজি আবেলি পূৰ্ব্বোত্তৰ ভাৰত অধ্যয়নসমূহৰ উদ্যোগত এখনি বিশেষ বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয় ৷ এয়া ঔপনিৱেশিক মানসিকতা আৰু বিকৃত ইতিহাসৰ আৱৰ্তৰ পৰা মুক্ত হৈ হিন্দু সভ্যতাৰ বিশাল পৰিসৰত অসমৰ অনন্য তথা অবিচ্ছেদ্য স্থানক পুনৰ আৱিষ্কাৰ কৰাৰ এক গুৰুত্বপূৰ্ণ প্ৰয়াস ৷
ঔপনিৱেশিক আখ্যানৰ (বাগধাৰাৰ) অৱলুপ্তি : হিন্দু সভ্যতাত অসমৰ স্থান প্ৰতিষ্ঠা এই শীৰ্ষক মূল বিষয় হিচাপে লৈ অনুষ্ঠিত হোৱা বক্তৃতা অনুষ্ঠানখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে বিশিষ্ট চিন্তাবিদ ,অনুবাদক সাহিত্য অকাডেমীৰ অনুবাদ বঁটা বিজয়ী তথা
ডিব্ৰুগড় বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয় আৰু আই আই টি গুৱাহাটীৰ সংযুক্ত অধ্যাপক আৰু অনুশীলন অধ্যাপক ৰূপে কাৰ্য্যনিৰ্বাহ কৰি থকা সুপৰিচিত বক্তা দিগন্ত বিশ্ব শৰ্মা ৷
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে আঁত ধৰা অনুষ্ঠানটিত সমল ব্যক্তি দিগন্ত বিশ্ব শৰ্মাই নিজ বক্তব্যত ঔপনিৱেশিক কেইবাটাও বাগধাৰাক যুক্তি সহকাৰে খণ্ডন কৰে । বিশেষকৈ ঔপনিৱেশিক ৰাষ্ট্ৰৰ ভ্ৰান্ত ধাৰণা ,ভাৰতীয় সংস্কৃতি বুলি কোনো একক সাংস্কৃতিক ধাৰণা নাই ,ভাৰতৰ কোনো স্ব -ৰাজনৈতিক ব্যৱস্থা নাই ,ভাৰত সদায়ে এখন পৰাজিত ৰাষ্ট্ৰ ইত্যাদি কেতবোৰ পৰিকল্পিত প্ৰাশ্চাত্্য প্ৰসূত আখ্যানক তেখেতে নিজ বক্তব্যত সাৱলীলভাৱে খণ্ডন কৰি উপস্থিত শ্ৰোতা দৰ্শকৰ মাৰ্গদৰ্শন কৰে। বিশেষকৈ তেওঁ নিজ বক্তব্যত উল্লেখ কৰে যে - অসম হিন্দু সভ্যতাৰ সহ স্ৰষ্টা তথা হিন্দু সভ্যতাত অসমৰ স্থান নিৰূপণ কৰাটো নিস্প্ৰয়োজন ৷
অসম নিজেই এই সভ্যতাৰ প্ৰতিষ্ঠাতা ৷ তাৎপৰ্যপূৰ্ণভাৱে তেখেতে ভাৰতবৰ্ষই মানুহক আধ্যাত্মিক স্বাধীনতা প্ৰদান কৰিছে বুলি মত প্ৰকাশ কৰিছে ৷ তদুপৰি তেখেতে উল্লেখ কৰে যে - বেদ কেতিয়াও বৌদ্ধিক জ্ঞানেৰে বুজিব নোৱাৰি ,মনস্তত্ত্বৰেহে ইয়াক হৃদয়ংগম কৰিব পাৰি ৷ ভাৰতীয় সভ্যতা সংস্কৃতিৰ এক অন্যতম বিন্দু হৈছে বেদ ৷ বেদ কেৱল মানুহৰ শক্তি পূজা নতুবা প্ৰকৃতি পূজাৰ এক মাধ্যম নহয় ৷ তদুপৰি হিন্দু সভ্যতাত অসমৰ স্থান নিৰূপণৰ ক্ষেত্ৰত তেখেতে মন্তব্য আগবঢ়ায় যে -অসমৰ ইতিহাসৰ প্ৰতিজন বৈষ্ণৱ পণ্ডিত ভাৰতীয় জাতীয়তাবাদৰ প্ৰবক্তা তথা নিজেই নিজ সৃষ্টি ৰাজিত ৪৩ বাৰ প্ৰবিত্ৰ ভাৰতভূমিৰ উল্লেখ কৰিছে ৷
ভাৰতীয় হোৱাটো কেতিয়াও নাগৰিত্ব নহয় ভাৰতভূমিৰ সাধক হোৱাটোৱে মূল তত্ব - এক তাৎপৰ্যপূৰ্ণ মত প্ৰকাশ কৰে। শতাধিক শ্ৰোতা উপস্থিত থকা গাম্ভীৰ্যপূৰ্ণ শলাগৰ শৰাই তথা শান্তি মন্ত্ৰ পাঠ কৰে অধ্যয়ন সমূহৰ সদস্য চিন্ময় কিশোৰে ৷
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী