নামতিৰ গাহৰিচোৱাবাৰীত মৃত নাহৰফুটুকী বাঘ উদ্ধাৰ
নামতিৰ গাহৰিচোৱাবাৰীত মৃত নাহৰফুটুকী বাঘ উদ্ধাৰ।
নামতিৰ গাহৰিচোৱাবাৰীত মৃত নাহৰফুটুকী বাঘ উদ্ধাৰ


শিৱসাগৰ, ২৬ মে’ (হি.স.): শিৱসাগৰ জিলাৰ আমগুৰিৰ গাহৰিচোৱাবাৰীৰ এখন হাবিৰ কাষত এটা মৃত নাহৰফুটুকী বাঘ উদ্ধাৰ হয় । এই নাহৰফুটুকী বাঘটো কেইবাদিন পুৰ্ব্বে মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ।

স্থানীয় লোকে মৃতবাঘটোৰ উৎকট গোন্ধ পোৱাৰ পিছতেই ৰাইজে প্ৰত্যক্ষ কৰে মৃত বাঘটো । মৃত বাঘটো প্ৰত্যক্ষ কৰাৰ পিছতে স্থানীয় লোকে হালোৱাটিং আৰক্ষীক অৱগত কৰে । বাঘটো কেনেদৰে মৃত্যুমুখত পৰিল সেইয়া জানিব পৰা হোৱা নাই । বন বিভাগে মৃত বাঘটো উদ্ধাৰ কৰি যাৱতীয় ব্য়ৱস্থা গ্ৰহণ কৰাৰ পিছত সৎকাৰৰ ব্য়ৱস্থা কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande