
কামৰূপ, ২৬ মে (হি.স.)। শিক্ষা বিভাগে বান্ধি দিয়া সময়ত উপস্থিত নহয় ছয়গাঁৱৰ গোৱৰ্ধন আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকল। দক্ষিণ কামৰূপৰ আগশাৰীৰ এখন বিদ্যালয় হৈছে গোৱৰ্ধন আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয় ৷ বিদ্যালয় খনৰ শিক্ষক শিক্ষয়িত্ৰীৰ বিৰুদ্ধে স্থানীয় ৰাইজ তথা অভিভাৱকৰ অভিযোগ আছিল নিৰ্ধাৰিত সময়ত বিদ্যালয়ত উপস্থিত নহোৱাৰ ৷
ৰাইজৰ অভিযোগৰ পিছতে মঙলবাৰে ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ এটা দলে বিদ্যালয়ত উপস্থিত হৈছিল ৷ উল্লেখ্য যে বিদ্যালয় খনৰ ১২ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ তিনি গৰাকী ৯ বজাত উপস্থিত হোৱাৰ পৰিবৰ্তে কেইবা গৰাকী শিক্ষক শিক্ষয়িত্ৰী উপস্থিত হৈছিল বহু পলমকৈ ৷ সংবাদ মাধ্যমৰ আগত পলম হোৱাৰ কাৰণ বৰ্ণনা শিক্ষক-শিক্ষয়ত্ৰীৰ ৷ কোনোবা গৰাকী শিক্ষকৰ ঘৰত যদি মিস্ত্ৰী আহিছে আন গৰাকী শিক্ষয়ত্ৰীৰ লৰা -ছোৱালীক ব্যক্তিগত স্কুলত থৈ আহোতে পলম হৈছে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা