বিজেপিক জানো আহক কাৰ্যসূচীৰ অংশ হিচাপে ১২খন দেশৰ মিছনৰ মুৰব্বীসকলৰ সৈতে বৈঠকত মিলিত নীতিন নবীন
নতুন দিল্লী, ২৬ মে’(হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে মঙলবাৰে ১২খন দেশৰ মিছনৰ মুৰব্বীৰ সৈতে বৈঠকত মিলিত হয়। কূটনৈতিক সমাজৰ সৈতে জড়িততা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে বিজেপিক জানো আহক কাৰ্যসূচীৰ অধীনত অনুষ্ঠিত এই বৈঠক। আ
भाजपा मुख्यालय में आयोजित बैठक में नितिन नवीन और 12 देशों के मिशनों के सदस्य


নতুন দিল্লী, ২৬ মে’(হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে মঙলবাৰে ১২খন দেশৰ মিছনৰ মুৰব্বীৰ সৈতে বৈঠকত মিলিত হয়। কূটনৈতিক সমাজৰ সৈতে জড়িততা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে বিজেপিক জানো আহক কাৰ্যসূচীৰ অধীনত অনুষ্ঠিত এই বৈঠক।

আজি মঙলবাৰে সন্ধিয়া বিজেপিৰ কেন্দ্ৰীয় মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এই অনুষ্ঠানত কূটনীতিবিদসকলক দলৰ ইতিহাস, মতাদৰ্শগত কাঠামো, শাসন আৰ্হি আৰু সাংগঠনিক কাম-কাজৰ সৈতে পৰিচিত কৰাৰ লক্ষ্যৰে আন্তৰ্জাতিক প্ৰচাৰ প্ৰচেষ্টাৰ অংশ।

বৈঠকৰ অন্তত বিজেপিৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ ভাৰপ্ৰাপ্ত বিজয় চৌথাইৱালে সংবাদ মাধ্যমৰ আগত কয় যে বিজেপিৰ সভাপতি হিচাপে নীতিন নবীনৰ এয়া প্ৰথম বৃহৎ আদান-প্ৰদান, আৰু সেইবাবেই বিদেশী কূটনীতিবিদসকলে দলটোৰ ভৱিষ্যতৰ দিশ সম্পৰ্কে অত্যন্ত কৌতুহলী হৈ পৰিছিল। তেওঁ বুজাই দিয়ে যে মুকলি ভাষণৰ পিছত কূটনীতিবিদ আৰু বিজেপি নেতৃত্বৰ মাজত দীঘলীয়া ৰাউণ্ডৰ প্ৰশ্নোত্তৰ আৰু অভিজ্ঞতা বিনিময় হৈছিল।

তেওঁ কয় যে কূটনীতিবিদসকলৰ প্ৰশ্নসমূহ মূলতঃ বিজেপিৰ ভৱিষ্যত পৰিকল্পনা, দলৰ মতাদৰ্শ, সাংগঠনিক গাঁথনি, আৰু ২০৪৭ চনৰ ভিতৰত “উন্নত ভাৰত”ৰ বাবে বিজেপিৰ দৃষ্টিভংগীৰ সৈতে জড়িত।

বৈঠকত বিজেপিৰ নেতাসকলে দলটোৰ সাংগঠনিক সম্প্ৰসাৰণ, চৰকাৰী নীতি, ভাৰতক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ৰোডমেপ সন্দৰ্ভতো আলোচনা কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande