
গুৱাহাটী, ২৬ মে' (হি.স.)। গুৱাহাটী বিশ্ববিদ্যালয়ে শেহতীয়াকৈ যি মাচুল বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তাক বিৰোধিতা কৰিছে অসম কলেজ অধ্যক্ষ পৰিষদে৷ আজি এই মাচুল সম্পৰ্কত অধ্যক্ষ পৰিষদৰ সম্পাদক ৰঞ্জিত কলিতাই কয়, গুৱাহাটী বিশ্ববিদ্যালয়ে এইবৰ্ষত সকলোবোৰ মাচুল অতি উচ্চহাৰত বৃদ্ধি কৰিছে। এফালে যিদৰে বিশ্ববিদ্যালয়ৰ পাঁচ বছৰীয়া সংহত পাঠ্যক্ৰমৰ মাচুল বৃদ্ধি কৰিছে, আনহাতে মহাবিদ্যালয়ৰ চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ চতুৰ্থ বৰ্ষৰ শ্ৰেণী অনুমতি আৰু স্বীকৃতি প্ৰদানৰ বাবেও নোহোৱা-নোপজা কিছুমান মাচুল আৰোপ কৰিছে।
যিসময়ত ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অসম বিশ্ববিদ্যালয়ত বিনামূলীয়াকৈ স্নাতক চতুৰ্থ বৰ্ষ আৰম্ভ কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে, সেই একেটা শিক্ষা বৰ্ষতে কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ে কলেজসমূহত স্নাতক চতুৰ্থ বৰ্ষ আৰম্ভ কৰিবলৈ প্ৰতিটো শাখাৰ বাবে ১০৫০০ টকাৰ উপৰিও প্ৰতিটো বিষয়ৰ বাবে ১০৫০০ টকাকৈ মাচুল জমা দিলেহে কলেজত চতুৰ্থ বৰ্ষ আৰম্ভ কৰিবলৈ অনুমতি দিব বুলি জাননী জাৰি কৰিছে। অকল এয়ে নহয়, চলিত বৰ্ষলৈকে প্ৰতিটো বিষয়ৰ বাবেহে কলেজে বিশ্ববিদ্যালয়ক এফিলিয়েছন ফিজ দিব লাগিছিল। কিন্তু এইবাৰ বিশ্ববিদ্যালয়ে জাৰি কৰা নতুন জাননী মতে কলেজসমূহে প্ৰতিটো বিষয়ৰ ফিজ প্ৰতিটো শ্ৰেণীৰ বাৱেও দিব লাগিব।
অৰ্থাৎ, পূৰ্বৰ তুলনাত কলেজসমূহে এফিলিয়েছন ফিজ চাৰিগুণ বেছিকৈ বিশ্ববিদ্যালয়ক দিব লাগিব তাকো বৰ্ধিত হাৰত। তাতোকৈ আচৰিত কথা এই যে, বৰ্দ্ধিত হাৰত চাৰিগুণ এফিলিয়েছন ফিজ দিয়াৰ উপৰিও কলেজসমূহে এই বৰ্ষৰ পৰা বিশ্ববিদ্যালয়ক প্ৰতিটো শ্ৰেণীৰ বাবে অনুমতি নৱীকৰণ মাচুলো দিব লাগিব যিবোৰ আগতে দিব নালাগিছিল। তবধ মানিবলগীয়া কথাটো হ'ল যে, কোনো এখন কলেজে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্বীকৃতি আৰু অনুমতি বিচাৰিলে যেনেকৈ মাচুল দিব লাগে, তেনেকৈ কোনো কলেজে যদি অনুমতি বাতিল কৰে, তেতিয়াও ১৫০০০ কৈ প্ৰতিটো বিষয়ত মাচুল দিব লাগিব।
অৰ্থাৎ কলেজ এখনক যদি চৰকাৰে নতুন এখন বিশ্ববিদ্যালয়ৰ অধীনলৈ লৈ যায়, তেতিয়া সেই কলেজখনে গুৱাহাটী বিশ্ববিদ্যালয়ক প্ৰতিটো বিষয়ৰ অনুমতি হস্তান্তৰ কৰা বাবে ১৫০০০ কৈ মাচুল দিব লাগিব।
গুৱাহাটী বিশ্ববিদ্যালয়ে অভাৱনীয় হাৰত বৃদ্ধি কৰা এই মাচুলৰ মাধমাৰ পৰিব ছাত্ৰ-ছাত্ৰীৰ ওপৰত।
প্ৰণিধানযোগ্য যে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই মাচুল বৃদ্ধিৰ ব্যৱস্থাটো কোনো নীতি নিয়মৰ মাজেদি হোৱা নাই। গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ অনুমোদন নোহোৱাকৈ, কাৰ্যবাহী পৰিষদক অন্ধকাৰত ৰাখি বিশ্ববিদ্যালয়ৰ কেইজনমান বিষয়াই এই মাচুল বৃদ্ধিৰ ব্যৱস্থা কৰিছে যি অসমৰ উচ্চ শিক্ষাৰ বাবে ক্ষতিকাৰক। সেয়ে অসম কলেজ অধ্যক্ষ পৰিষদে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাচুল বৃদ্ধিৰ ক্ষেত্ৰত অসম চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা