
নতুন দিল্লী, ২৬ মে’ (হি.স.)। কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় পশু কল্যাণ ব’ৰ্ডৰ কাৰ্যকাল ছমাহ বৃদ্ধি কৰিছে। মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ৰ পশুপালন আৰু দুগ্ধ বিভাগে এই সন্দৰ্ভত ২০২৬ চনৰ ১৩ মে’ত গেজেট অধিসূচনা জাৰি কৰে।
অধিসূচনা অনুসৰি ব’ৰ্ডৰ বৰ্তমানৰ কাৰ্যকাল ২০২৬ চনৰ ১৪ মে’ৰ পৰা ২০২৬ চনৰ ১৪ নৱেম্বৰলৈকে বা নতুন ব’ৰ্ড গঠন নোহোৱালৈকে আৰু ছমাহৰ বাবে বৃদ্ধি কৰা হৈছে, যিটো আগতে। জীৱ-জন্তুৰ ওপৰত নিষ্ঠুৰতা প্ৰতিৰোধ আইন, ১৯৬০ৰ অধীনত প্ৰদান কৰা ক্ষমতা ব্যৱহাৰ কৰি চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
মন্ত্ৰালয়ে উল্লেখ কৰে যে নতুন ব’ৰ্ড গঠন নোহোৱালৈকে পশু কল্যাণ সম্পৰ্কীয় কাম-কাজৰ ধাৰাবাহিকতা নিশ্চিত কৰিবলৈ এই সম্প্ৰসাৰণ কৰা হৈছে। এই অধিসূচনা ইণ্ডিয়ান গেজেটত প্ৰকাশ কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া