
গুৱাহাটী, ২৫ মে’ (হি.স.)। ষষ্ঠদশ অসম বিধানসভাত পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে উত্থাপন কৰিছে বহুচৰ্চিত ‘অসমৰ বাবে সমান নাগৰিক সংহিতা ২০২৬ বিধেয়ক’ চমুকৈ ইউচিচি। ষষ্ঠদশ অসম বিধানসভাৰ তৃতীয় দিনা আজি সোমবাৰে সদনত উত্থাপন কৰা হয় ইউচিচি বিধেয়ক। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী অতুল বৰাই বিধানসভাত উত্থাপন কৰে বিধেয়কখন। এই বিধেয়কখনৰ মূল উদ্দেশ্য হৈছে বহুবিবাহ নিষিদ্ধ কৰা আৰু সহবাসী সম্পৰ্ক (লিভিং টুগেদাৰ)ৰ বাধ্যতামূলক পঞ্জীয়ন নিশ্চিত কৰা। অৱশ্যে বিধেয়কখনত স্পষ্টভাৱে উল্লেখ কৰা অনুসৰি অসমত বসবাস কৰা কোনো অনুসূচিত জনজাতিৰ ক্ষেত্ৰত এই আইন প্ৰযোজ্য নহ’ব। অহা ২৭ মে’ত ইউচিচি সন্দৰ্ভত সদনত হ’ব বিস্তৃত আলোচনা। এই বিশেষ পদক্ষেপৰ জৰিয়তে অসম এতিয়া উত্তৰাখণ্ড আৰু গুজৰাটৰ পিছত ইউচিচি সন্দৰ্ভত পদক্ষেপ গ্ৰহণ কৰা দেশৰ ভিতৰত তৃতীয়খন বিজেপি শাসিত ৰাজ্য হিচাপে পৰিগণিত হৈছে।
উল্লেখ্য যে বিধেয়কখনৰ আৰম্ভণিতে সদনত প্ৰতিবাদ কৰে বিৰোধীসকলে। বিৰোধী দলসমূহে অসম বিধানসভাত ইউচিচি বিধেয়ক উত্থাপনৰ তীব্ৰ বিৰোধিতা কৰি বিধেয়কখন উত্থাপনৰ পূৰ্বে সকলো অংশীদাৰৰ সৈতে বিস্তৃত আলোচনাৰ দাবী জনায়। ইফালে বিৰোধীয়ে ইউচিচিৰ বিৰোধিতা কৰাক লৈ কেইবাজনো বিধায়কে বিৰোধীক সমালোচনা কৰে । বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই কয় যে- ‘‘কংগ্ৰেছে কেতিয়াবা সংবিধান মানে কেতিয়াবা নামানে ৷ কংগ্ৰেছে সংবিধানক সন্মান কৰিব লাগে ৷ ইউচিচি অহাৰ লগে লগে একতাবোধ আহিব ৷ ইউচিচি অনাটো মুখ্যমন্ত্ৰীৰ যুগান্তকাৰী সিদ্ধান্ত ৷’’
বিধায়ক মানৱ ডেকাই কয় যে কংগ্ৰেছে ইউচিচিৰ বিৰোধিতা কৰিবই কাৰণ, ‘মিঞা’ক সন্তুষ্ট কৰিব লাগিব। কংগ্ৰেছে বিৰোধী দলপতি ‘মিঞা’ এজনক পাতি দিব চিন্তা কৰিব নালাগে। ইফালে বিধায়ক সুশান্ত বৰগোঁহায়ে কয়, ‘‘কংগ্ৰেছে ইউচিচিৰ বিৰোধিতা কৰিবই। কাৰণ তেওঁলোকৰ ১৯ জনৰ ১৮জন বিধায়ক সংখ্যালঘু বিধায়ক। তেওঁলোকে ইউচিচিৰ বিৰোধিতা কৰিবই। কাৰণ তেওঁলোকে তিনি তালাক বা বহুবিবাহ বিচাৰে। কংগ্ৰেছৰ এনে ভূমিকাৰ বাবে মানুহে গ্ৰহণ নকৰে। ইউচিচিত সকলোৱে সমান সুবিধা লাভ কৰিব।’’
বিধায়ক বিশ্বজিৎ ফুকনে কয় যে এয়া বিৰোধিতাৰ নামত বিৰোধিতা। কংগ্ৰেছ এই চৰিত্ৰৰ বাবেই ৰাইজৰ মাজৰ পৰা আঁতৰি গৈছে। এতিয়া অন্তত শিক্ষা লওক।
উল্লেখযোগ্য যে ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰথম কাৰ্যকালৰ অন্তিম বিধানসভা (পঞ্চদশ বিধানসভা)ৰ অধিৱেশনত পুনৰ মুখ্যমন্ত্ৰী হ’লে ইউচিচি বিধেয়ক উত্থাপন কৰিম বুলি ঘোষণা কৰিছিল। দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচন হোৱাৰ পিছত প্ৰথমখন বিধানসভাৰ অধিৱেশনতে ইউচিচি অনাৰ সিদ্ধান্ত গ্ৰহণ কৰে হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম কেবিনেট বৈঠকত ইউচিচি খচৰাত অনুমোদন জনোৱা হৈছিল। প্ৰথম কেবিনট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে কৈছিল যে ‘‘জনজাতীয় লোকসকলক ইউচিচি বিধেয়কৰ আওতাৰ পৰা বাহিৰত ৰখা হ’ব। ইউচিচিৰ পৰা ধৰ্মীয় পৰম্পৰা বাহিৰত ৰখা হ’ব। ইউচিচি বিধেয়কত বিয়াৰ বাবে ন্যূনতম বয়স থাকিব, বহুবিবাহৰ কথা থাকিব, ছোৱালীৰ বাবে সম্পত্তিৰ অধিকাৰৰ বিষয় থাকিব।’’
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া