
গুৱাহাটী, ২৫ মে’ (হি.স.)। ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথম অধিৱেশনৰ আজি তৃতীয়টো দিন। ষষ্ঠদশ বিধানসভাৰ বিধানসভাৰ চলিত অধিৱেশৰ আজি তৃতীয় দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্য্যসূচী সম্পাদিত হয়। ইয়াৰ মাজতে আজি সদনত মূল্যবৃদ্ধিক লৈ বিধায়ক অখিল গগৈ আৰু মন্ত্ৰী পীযুষ হাজৰিকাৰ মাজত তীব্ৰ বাকযুদ্ধ হোৱা পৰিলক্ষিত হয় ।
উল্লেখ্য যে মন্ত্ৰী হাজৰিকাই দেশত কিয় মূল্যবৃদ্ধি হৈছে সেই সন্দৰ্ভত কাৰণ দৰ্শোৱাৰ সময়তে উত্তপ্ত হৈ পৰে সদন। সদনৰ মজিয়াত মন্ত্ৰী পীযুষ হাজৰিকাই কয়- ‘অধ্যক্ষ ডাঙৰীয়া মূল্যবৃদ্ধিৰ কাৰণ হ’ল ইজৰাইল-আমেৰিকা আৰু ইৰাণৰ যুদ্ধৰ বাবে তেলৰ দাম বাঢ়িছে তাৰ বাবে হৈছে ।’ সেই সময়তে অখিল গগৈয়ে প্ৰশ্ন কৰে যে- ‘লগতে ছিণ্ডিকেট হৈছে নে নাই?’
সেই সময়তে অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে অখিল গগৈক বাধা দি কয় যে- ‘এগৰাকী বিধায়কে কথা কৈ থকা সময়ত আপুনি মাজতে একো নক’ব। আপোনাক ক’বলৈ সময় দিয়াৰ সময়ত আপুনি ক’ব পাৰিব ।’
উল্লেখ্য যে, দেশত পুনৰ বৃদ্ধি পাইছে ইন্ধনৰ দাম। দেশত চতুৰ্থবাৰৰলৈ বাঢ়িল পেট্ৰ’ল-ডিজেলৰ দাম। প্ৰতিলিটাৰ পেট্ৰ’লত ২ টকা ৬১ পইচা আৰু প্ৰতি লিটাৰ ডিজেলত বাঢ়িল ২ টকা ৭১ পইচা । তাৰ পাছতে গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ'লৰ দাম ১০৫.৭৪ টকা হোৱাৰ লগতে প্রতিলিটাৰ ডিজেলৰ দাম হ'লগৈ ৯৭.৩২ টকা।
ইফালে, অধিৱেশনৰ তৃতীয় দিন অৰ্থাৎ আজি সদনত উত্থাপন কৰা হ’ল বহু চৰ্চিত সম নাগৰিক সংহিতা ( ইউ চি চি) বিধেয়ক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী অতুল বৰাই উত্থাপন কৰে এই বিধেয়কখন । অহা বুধবাৰ অৰ্থাৎ ২৭ মে’ত ইউ চি চিৰ সন্দৰ্ভত সদনত হ’ব বিস্তৃত আলোচনা।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী