
গুৱাহাটী, ২৫ মে’ (হি.স.)। গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আজি অসমৰ মুখ্য সচিব ড. ৰবি কোটাৰ অধ্যক্ষতাত ২০২৭ চনৰ প্ৰথম পৰ্যায়ৰ লোকপিয়ল অৰ্থাৎ গৃহতালিকা আৰু গৃহপিয়ল ( এইছএলঅ)ৰ সৈতে জড়িত প্ৰধান লোকপিয়ল বিষয়াসকলৰ ( পিচিঅ’) ৰাজ্যিক পৰ্যায়ৰ সন্মিলন অনুষ্ঠিত হয়। এই সন্মিলন ভাৰতৰ মহাপঞ্জীয়ক আৰু লোকপিয়ল আযুক্তৰ কাৰ্যালয়, গৃহ মন্ত্ৰালয়ৰ অধীনৰ অসম লোকপিয়ল সঞ্চালকালয়ৰ সহযোগত নডেল বিভাগ, সাধাৰণ প্ৰশাসন বিভাগ, অসম চৰকাৰৰ দ্বাৰা আয়োজন কৰা হয়।
এই সন্মিলনত ভাৰতৰ মহাপঞ্জীয়ক আৰু লোকপিয়ল আয়ুক্ত মৃত্যুঞ্জয় কুমাৰ নাৰায়ণ, আই এ এছ, অসম চৰকাৰৰ জ্যোষ্ঠ বিষাসকল, মুখ্য প্ৰধান লোকপিয়ল বিষয় তথা লোকপিয়ল সঞ্চালক, অসম, ৰাজ্যিক নডেল বিষয়া সকলো জিলাৰ জিলা আয়ুক্ত আৰু পৌৰ আযুক্ত তথা লোকপিয়ল সঞ্চালকালয়, অসমৰ লোকপিয়ল বিষয়াসকল উপস্থিত থাকে। জানিব পৰা গৈছে যে ২০২৭ চনৰ লোকপিয়ল ভাৰতৰ প্ৰথমি ডিজিটেল পদ্ধতিৰে পৰিচালনা কৰা হ’ব আৰু ইয়াক গৃহতালিকা আৰু গৃহপিয়ল আৰু জনসংখ্যা গণনা ( পি.ই) এই দুটা পৰ্যায়ত অনুষ্ঠিত কৰা হ’ব। লোকপিয়লৰ প্ৰথম পৰ্যায়ত গৃহ আৰু পৰিয়ালৰ ওপৰত গুৰুত্ব দিয়া হ’ব, ব্যক্তিৰ ওপৰত নহয়। এই পৰ্যায়ত গৃহৰ অৱস্থা, উপলব্ধ সা সুবিধাসমূহ আৰু পৰিয়ালসমূহত থকা সম্পত্তিৰ সৈতে জড়িত তথ্য সংগ্ৰহ কৰা হ’ব। গৃহতালিকা আৰু গৃহপিয়ল লোকপিয়লৰ দ্বিতীয় পৰ্যায় অৰ্থাত জনসংখ্যা গণনাৰ বাবেও ভেঁটি নিৰ্মাণ কৰিব।
প্ৰথম পৰ্যায়ৰ জৰিয়তে সংগ্ৰহ কৰা তথ্যই সমগ্ৰ দেশৰ লগতে অসমৰ গ্ৰামাঞ্চল আৰু নগৰ অঞ্চলৰ গৃহ নিৰ্মাণ, আন্তগাথনি আৰু মৌলিক সেৱা প্ৰদানৰ বাবে পৰিকল্পনা কৰাত অধিক ফলপ্ৰসূভাৱে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ উভয়কে সহায় কৰিব। এইচ এল অৰ জৰিয়তে সংগৃহীত নবীকৃত আৰু সূক্ষ্মস্তৰৰ তথ্যসমূহ সমগ্ৰ ৰাজ্যতে বনাপ্ৰৱণ অঞ্চল, নগৰ সম্প্ৰসাৰণ, চাহ বাগিচা অঞ্চল, জনজাতীয় অঞ্চলৰ বাবে উন্নত পৰিকল্পনা আৰু বিভিন্ন সমাজিক খণ্ডৰ আঁচনি ৰূপায়ণত সহায় কৰিব। গৃহ আৰু পৰিয়ালৰ সুবিধাসমূহৰ সঠিক তথ্যই অসমৰ গ্ৰামাঞ্চল আৰু নগৰ অঞ্চলৰ উভয়তে গৃহ নিৰ্মাণ, খোৱাপানী, শৌচালয়, বিদ্যুৎ আৰু ডিজিটেল সংযোগৰ সৈতে জড়িত কাৰ্য্যসূচীসমূহক ভালদৰে ৰূপায়ণ কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰোতে সহায় কৰিব।
অসম চৰকাৰে লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ বাবে ৰাষ্ট্ৰীয় সময়সূচী এপ্ৰিল ছেপ্টেম্বৰ ২০২৬ ৰ ভিতৰত ১৭ আগষ্টৰ পৰা ১৫ ছেপ্তেম্বৰ, ২০২৬ লৈ সময়সীমা নিৰ্ধাৰণ কৰি অধিসূচনা জাৰি কৰিছে । অসমত প্ৰথম পৰ্যায়ৰ বাবে স্বগণনা ২ আগষ্টৰ পৰা ১৬ আগষ্ট ২০২৬ লৈ চৰকাৰী পোৰ্টেল https://se.census.gov.in ৰ জৰিয়তে উপলব্ধ হ’ব, আনহাতে ডিজিটেল ডিভাইচ ব্যৱহাৰ কৰি প্ৰশিক্ষিত গণনাকৰাৰীৰ দ্বাৰা ঘৰে ঘৰে পিয়ল কাৰ্য্য সম্পন্ন কৰা হ’ব। যিসকল বাসিন্দাই স্ব গণনা পোৰ্টেল ( এছ ই পোৰ্টেল)ৰ জৰিয়তে তথ্য দাখিল কৰিব সেই তথ্যসমূহৰো এই গণনাকাৰীসকলে বৈধতা প্ৰদান কৰিব। এইটোও জানিব পৰা গৈছে যে দেশৰ আন সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত লগতে অসমত ২০২৭ চনৰ ফেব্ৰুৱাৰী মাহত জনসংখ্যা গণনা কৰা হ’ব। ২০২৭ চনৰ লোকপিয়লৰ সন্দৰ্ভ তাৰিখ হৈছে ২০২৭ চনৰ ১ মাৰ্চৰ 00:00 বজা। সন্মিলনত ক্ষেত্ৰ পৰিচালনা, প্ৰশিক্ষণ ডিজিটেল আন্তগাথনি, পৰ্যবেক্ষণ আৰু জনসাধাৰণৰ মাজত সজাগত সৃষ্টিৰ বাবে ধৰি বভিন্ন প্ৰস্তুতি সম্পৰ্কে পৰ্যালোচনা কৰা হয় । জানিব পৰা গৈছে পৰ্যায়ক্ৰমিক প্ৰশিক্ষণ কাৰ্য্যসূচী চলোৱাৰ বাবে লোকপিয়ল সঞ্চালকালয় অসমৰ পৰা ২ জন ৰাষ্ট্ৰীয় প্ৰশিক্ষক নিৰ্বাচিত কৰা হৈছে। ৰাজ্যত মুঠ ৫৯ জন মাষ্টাৰ ট্ৰেইনাৰ মনোনীত কৰা হৈছে আৰু মাষ্টাৰ ট্ৰেইনাৰৰ বাবে প্ৰশিক্ষণ কাৰ্য্যসূচী ২০২৬ চনৰ ৯ জুনৰ পৰা ১২ জুনলৈ নিৰ্ধাৰণ কৰা হৈছে। তদুপৰি ৰাজ্য চৰকাৰে ১১০৯ জন ফিল্ড ট্ৰেইনৰ চূড়ান্ত কৰি ২০২৬ চনৰ জুন মাহৰ তৃতীয় সপ্তাহৰ পৰা তেওঁলোকৰ প্ৰশিক্ষণৰ বাবে সম্ভাৱ্য দিন ধাৰ্য্য কৰা হৈছে। অসমত লোকপিয়লৰ প্ৰথম পৰ্যায়ত সংৰক্ষিত কৰ্মীকে ধৰি মুঠ প্ৰায় ৮৩, ৫৩৫ জন গণনাকাৰী আৰু পৰ্যবেক্ষক নিয়োগ কৰা হ’ব।
সন্মিলনত ভাষণ দি অসমৰ মুখ্য সচিব ড ৰবি কোটাই ২০২৭ চনৰ লোকপিয়লৰ সফল পৰিচালনাৰ বাবে সমন্বিত প্ৰশাসনিক প্ৰচেষ্টা, জনসাধাৰণৰ অংশগ্ৰহণ আৰু সময়োপযোগী প্ৰস্তুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ভাৰতৰ মহাপঞ্জীয়ক আৰু লোকপিয়ল আয়ুক্তই সঠিক আৰু স্বচ্ছ তথ্য সংগ্ৰহ নিশ্চিত কৰাৰ বাবে প্ৰযুক্তিগত মাধ্যম, স্ব গণনা আৰু ডিজিটেল নিৰীক্ষ্ণ ব্যৱস্থাৰ তাতপৰ্যৰ ওপৰত আলোকপাত কৰে। লগতে জনোৱা হয় যে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় যোগাযোগ ব্যুৰোৰ লগতে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ে ৰাজ্যখনত লোকপিয়ল ২০২৭ সম্পৰ্কীয় সংবাদ মাধ্যম আৰু প্ৰচাৰৰ কাম কাজৰ সমম্বয় সাধন কৰি লোকপিয়লৰ প্ৰক্ৰিয়া, সময়সীমা আৰু জনসাধাৰণৰ অংশগ্ৰহণ সন্দৰ্ভত ব্যাপক জনসচেতনতা আৰু প্ৰচাৰ সুনিশ্চিত কৰি আছে ।
সন্মিলনত অসমৰ মুখ্য প্ৰধান লোকপিয়ল বিষয়া বিশ্বজিত পেগুৱে উপস্থিত থাকি কয় যে, এই বৃহৎ ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ কাৰ্য্য সফলভাৱে সম্পন্ন কৰাৰ বাবে লোকপিয়ল আইন, ১৯৪৮ আৰু অসম চৰকাৰে জাৰি কৰা অধিসূচনাসমূহ আনি চলাৰ লগতে জনসাধাৰণৰ সহযোগিতা তথা অংশগ্ৰহণ অত্যন্ত প্ৰয়োজনীয়। ৰাজ্যজুৰি কাৰ্য্যকৰী কৌশল, লোকপিয়লৰ কৰ্মকৰ্তাসকলৰ প্ৰশিক্ষণ আৰু সজাগতা সৃষ্টিৰ ওপৰত কৰা আলোচনাৰে সন্মিলনৰ সফল সামৰণি পৰে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী