বন্যহস্তীৰ আক্ৰমণত ক্ষতিগ্ৰস্ত পৰিয়ালৰ বুজ ল'লে তামুলপুৰ বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক বিশ্বজিৎ দৈমাৰী
তামুলপুৰ, ২৫ মে (হি.স.)। তামুলপুৰ জিলাৰ উত্তৰ বৰশিৰালত বনৰীয়া হাতীৰ আক্ৰমণ। বনৰীয়া হাতীয়ে আক্ৰমণ চলাই কেইবাটাও পৰিয়ালৰ বাসগৃহৰ ক্ষতিসাধন কৰে। বনৰীয়া হাতীৰ আক্ৰমণত ক্ষতিগ্ৰস্ত পৰিয়ালৰ কালি বিয়লি বুজ ল''লে তামুলপুৰ বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত
বন্যহস্তীৰ আক্ৰমণত ক্ষতিগ্ৰস্ত পৰিয়ালৰ বুজ ল'লে তামুলপুৰ বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক বিশ্বজিৎ দৈমাৰী


তামুলপুৰ, ২৫ মে (হি.স.)। তামুলপুৰ জিলাৰ উত্তৰ বৰশিৰালত বনৰীয়া হাতীৰ আক্ৰমণ। বনৰীয়া হাতীয়ে আক্ৰমণ চলাই কেইবাটাও পৰিয়ালৰ বাসগৃহৰ ক্ষতিসাধন কৰে। বনৰীয়া হাতীৰ আক্ৰমণত ক্ষতিগ্ৰস্ত পৰিয়ালৰ কালি বিয়লি বুজ ল'লে তামুলপুৰ বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক বিশ্বজিৎ দৈমাৰীয়ে।বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই থকা গাঁও খনত এশটা টৰ্চ প্ৰদানৰ আশ্বাস বিধায়ক বিশ্বজিৎ দৈমাৰীৰ। তদুপৰি বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ বিভিন্ন পৰামৰ্শ আগবঢ়ায় বিধায়ক বিশ্বজিৎ দৈমাৰীয়ে।উল্লেখযোগ্য যে বিগত কেইবা বছৰ জুৰি তামুলপুৰ, বাক্সা আৰু নলবাৰী জিলাত বনৰীয়া হাতীৰ আক্ৰমণত কেইবাজনো লোকে প্ৰাণ হেৰুৱাৰ লগতে বহু লোকে পঙ্গুত্বৰ জীৱন আকোৱালি ল'বলগীয়া হৈছে। ইফালে বন বিভাগে বনৰীয়া হাতীৰ জাকটো খেদি পঠোৱাৰ ক্ষেত্ৰত ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande