পশ্চিম বংগঃ প্ৰধানমন্ত্ৰী মোডীৰ প্ৰয়াত মাতৃক লৈ অপমানজনক মন্তব্য কৰা অভিযুক্তক গ্ৰেপ্তাৰ
শিলিগুৰি, ২৫ মে’ (হি.স.)। পশ্চিম বংগৰ খাৰিবাৰী অঞ্চলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰয়াত মাতৃক লৈ অপমানজনক মন্তব্য কৰাৰ অভিযোগত বিতৰ্কৰ সৃষ্টি হৈছে। ভাৰতীয় জনতা পাৰ্টিৰ নেতাসকলে খাৰিবাৰী থানাত লিখিত এজাহাৰ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে মূল অভিযুক্ত
गिरफ्तार आरोपित के साथ पुलिसकर्मी


শিলিগুৰি, ২৫ মে’ (হি.স.)। পশ্চিম বংগৰ খাৰিবাৰী অঞ্চলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰয়াত মাতৃক লৈ অপমানজনক মন্তব্য কৰাৰ অভিযোগত বিতৰ্কৰ সৃষ্টি হৈছে। ভাৰতীয় জনতা পাৰ্টিৰ নেতাসকলে খাৰিবাৰী থানাত লিখিত এজাহাৰ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

বিজেপিৰ তথ্য অনুসৰি বিন্নাবাৰী পঞ্চায়তৰ দেৱীগঞ্জৰ বাসিন্দা মুন্না সিঙে ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা এটা ভিডিঅ’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু তেওঁৰ প্ৰয়াত মাতৃৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰে। এই ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে অঞ্চলটোত ক্ষোভৰ সৃষ্টি হয়।

বিজেপিৰ শিলিগুৰি সাংগঠনিক জিলা সম্পাদক অনিল কুমাৰ ৰায়কে ধৰি কেইবাজনো নেতা কৰ্মীয়ে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, অভিযোগৰ ভিত্তিত মূল অভিযুক্ত মুন্না সিঙক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁৰ এজন সহযোগীকো আটক কৰা হৈছে। সোমবাৰে দুয়ো অভিযুক্তক শিলিগুৰি দণ্ডাধীশ আদালতত হাজিৰ কৰোৱা হ’ব। বৰ্তমান আৰক্ষীয়ে সমগ্ৰ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande