পত্নীৰ সৈতে জয়পুৰৰ আমেৰ পেলেচ পৰিদৰ্শন আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ৰ
জয়পুৰ, ২৫ মে’(হি.স.)। আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ সোমবাৰে বিয়লি জয়পুৰত উপস্থিত হয় । তেওঁৰ সৈতে আছিল তেওঁৰ পত্নী জেনেট ডি ৰুবিঅ’ আৰু আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গ’ৰ। দিনৰ প্ৰায় ১:৪৫ বজাত আগ্ৰাৰ পৰা জয়পুৰ বিমানবন্দৰত উপস্থিত হয় আমেৰ
आमेर महल पहुंचे अमेरिकी विदेश मंत्री


জয়পুৰ, ২৫ মে’(হি.স.)। আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ সোমবাৰে বিয়লি জয়পুৰত উপস্থিত হয় । তেওঁৰ সৈতে আছিল তেওঁৰ পত্নী জেনেট ডি ৰুবিঅ’ আৰু আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গ’ৰ।

দিনৰ প্ৰায় ১:৪৫ বজাত আগ্ৰাৰ পৰা জয়পুৰ বিমানবন্দৰত উপস্থিত হয় আমেৰিকাৰ বিদেশ মন্ত্ৰীগৰাকী। পৰিয়ালৰ সৈতে ৰুবিঅ’ই পোনে পোনে আমেৰ পেলেচলৈ ৰাওনা হ’ল। ৰাজপ্ৰসাদৰ জালেব চকত তেওঁক পৰম্পৰাগত ৰাজস্থানী শৈলীৰে আদৰণি জনোৱা হয়। লোকশিল্পীসকলে পৰম্পৰাগত ঘূমাৰ, কলবেলিয়া, আৰু কুট্চি ঘোৰী অনুষ্ঠান পৰিৱেশন কৰিছিল। এজন গাইডে আমেৰৰ শ্বীশ মহল, গণেশ পল, দিৱান-ই-আম, দিৱান-ই-খাছ, সুখ নিৱাছ, আৰু মাওথা হ্ৰদৰ বিষয়ে তথ্য আগবঢ়াইছিল।

আমেৰ ভ্ৰমণৰ পিছত মাৰ্কো ৰুবিঅ’ই এলিফেণ্ট ভিলেজ আৰু চিটি পেলেচকো পৰিদৰ্শন কৰিব। জয়পুৰৰ হেৰিটেজ হোটেল ৰামবাগ পেলেচত নিশা থাকিব ৰুবিঅ’। এই ভ্ৰমণৰ বাবে সষ্টম হৈ আছে প্ৰশাসন আৰু নিৰাপত্তা সংস্থা। এদিন থকাৰ পাছত মঙলবাৰে পুৱা প্ৰায় ৬:৩০ বজাত দিল্লী অভিমুখে ৰাওনা হ’ব ৰুবিঅ’।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande