ৰঙিয়াত চুৰিকাৰ্যৰ ঘটনা
কামৰূপ, ২৫ মে (হি.স.)। ৰঙিয়াত চুৰিকাৰ্যৰ ঘটনা। দৈনিক এটাৰ পিছত এটাকৈ চুৰি কাণ্ডৰ ঘটনাই জোকাৰিছে এতিয়া সমগ্ৰ ৰঙিয়া। বিগত মাহত ৰঙিয়াৰ বিভিন্ন অঞ্চলত সংঘটিত হোৱা বহু কেইটা চুৰিৰ ঘটনাৰ ৰহস্য মাৰ নাযাওঁতেই নিশা পুনৰ ৰঙিয়াত চোৰৰ চাফাই অভিযান। ৰঙিয়া
ৰঙিয়াত চুৰিকাৰ্যৰ ঘটনা


কামৰূপ, ২৫ মে (হি.স.)। ৰঙিয়াত চুৰিকাৰ্যৰ ঘটনা। দৈনিক এটাৰ পিছত এটাকৈ চুৰি কাণ্ডৰ ঘটনাই জোকাৰিছে এতিয়া সমগ্ৰ ৰঙিয়া। বিগত মাহত ৰঙিয়াৰ বিভিন্ন অঞ্চলত সংঘটিত হোৱা বহু কেইটা চুৰিৰ ঘটনাৰ ৰহস্য মাৰ নাযাওঁতেই নিশা পুনৰ ৰঙিয়াত চোৰৰ চাফাই অভিযান। ৰঙিয়াৰ নিউ মাৰ্কেটত ঘৰত গৃহস্থ নথকাৰ সুযোগ লৈ চোৰে চলালে চাফাই অভিযান।

ঘটনাৰ বিৱৰণী অনুসৰি ৰবিবাৰে পুৱাৰ ভাগত পৰিয়ালটো গৈছিল নগাঁৱৰ মহা মৃত্যুঞ্জয় মন্দিৰলৈ। পৰৱৰ্তী সময়ত ঘৰলৈ উভতি আহি প্ৰত্যক্ষ কৰে সমগ্ৰ চুৰিৰ কাণ্ডৰ ঘটনা। ইয়াৰ পিছতে পৰিয়ালটোৰ মাজত সৃষ্টি হয় হুৱা দুৱাৰ।পিছত ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় ৰঙিয়া আৰক্ষী আৰু ফৰেনছিকৰ এটি দল। বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ফৰেনছিকৰ বিশেষ দলটোৰ লগতে ৰঙিয়া আৰক্ষীয়ে। এই ফালে বৰ্তমানলৈ জানিব পৰা হোৱা নাই ক্ষয় ক্ষতিৰ পৰিমাণ। বৃহৎ পৰিমাণৰ নগদ ধন, সোণৰ আ-অলংকাৰ আদি চুৰি কৰি নিয়াৰ সন্দেহ। পৰিমাণ এতিয়াও জানিব পৰা হোৱা নাই। উল্লেখ্য যে, জয়া কলিতা অসম যুৱ পৰিষদ কামৰূপ জিলা সমিতিৰ সভানেত্ৰী।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande