বাক্সাৰ ককলাবাৰী চাপাগুৰি মহাবিদ্যালয়ত কৃতি শিক্ষাৰ্থীক আৰ্থিক সাহাৰ্য্য প্ৰদান বিপিএফ আৰু বিজেপিৰ
বাক্সা, ২৫ মে (হি.স.)। বাক্সা জিলাৰ ককলাবাৰী চাপাগুৰি মহাবিদ্যালয়ত আজি বাক্সা জিলা বিপিএফ কমিটী আৰু বাক্সা জিলা বিজেপি সমিতিৰ উদ্যোগত ছাত্ৰ ছাত্ৰীৰ উৎকৰ্ষ সাধনৰ লক্ষ্যৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উ
বাক্সাৰ ককলাবাৰী চাপাগুৰি মহাবিদ্যালয়ত কৃতি শিক্ষাৰ্থীক আৰ্থিক সাহাৰ্য্য প্ৰদান বিপিএফ আৰু বিজেপিৰ


বাক্সা, ২৫ মে (হি.স.)। বাক্সা জিলাৰ ককলাবাৰী চাপাগুৰি মহাবিদ্যালয়ত আজি বাক্সা জিলা বিপিএফ কমিটী আৰু বাক্সা জিলা বিজেপি সমিতিৰ উদ্যোগত ছাত্ৰ ছাত্ৰীৰ উৎকৰ্ষ সাধনৰ লক্ষ্যৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা শীৰ্ষ দহটা স্থান লাভ কৰা কৃতি শিক্ষাৰ্থী সকলক সম্বৰ্দ্ধনা জনোৱাৰ লগতে প্ৰতি গৰাকীক বিশ হাজাৰ টকাকৈ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হয়।

সমগ্ৰ বাক্সা জিলাৰ ১০৩ গৰাকী কৃতি শিক্ষাৰ্থীক এখনকৈ মানপত্ৰ, এখনকৈ আৰনাইৰে সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰতিগৰাকীলৈ বিশ হাজাৰ টকাকৈ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হয়। যুৱ বিপিএফৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰিঞ্জয় বসুমতাৰীয়ে অংশগ্ৰহণ কৰা সভাত ভূটান চৰকাৰৰ সোণৰ পদক প্ৰাপ্ত ভদ্ৰেশ্বৰ দৈমাৰীয়ে নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি ছাত্র ছাত্ৰী সকলৰ শৈক্ষিক উত্তৰণৰ ওপৰত বক্তব্য প্ৰদান কৰে।

বিটিচিৰ কাৰ্যবাহী সদস্য আগষ্টুচ টিগ্গাই অংশগ্ৰহণ কৰা সভাত মুছলপুৰ জিলা বিপিএফ কমিটীৰ সভাপতি গিৰীন বড়ো, বিটিচিৰ পাৰিষদ তথা বিজেপিৰ বাক্সা জিলা সমিতিৰ সভাপতি ৰিদীপ কুমাৰ ডেকাকে আদি কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande