ক্ৰেগ টাইলীৰ ঠাইত এণ্ড্ৰু আবডোৱে টেনিছ অষ্ট্ৰেলিয়াৰ নতুন চিইঅ’ নিযুক্ত
মেলবৰ্ণ, ২৫ মে’ (হি.স.)। অষ্ট্ৰেলিয়াৰ টেনিছ সংস্থা টেনিছ অষ্ট্ৰেলিয়াই সোমবাৰে নেশ্যনেল ৰাগবী লীগৰ মুখ্য কাৰ্যবাহী বিষয়া এণ্ড্ৰু আবডোক নতুন চিইঅ’ হিচাপে নিযুক্তি দিয়ে। ফেব্ৰুৱাৰী মাহত পদত্যাগ ঘোষণা কৰা ক্ৰেগ টাইলীৰ ঠাইত তেওঁ স্থান লাভ কৰিব। অষ্
एंड्रयू अब्डो


মেলবৰ্ণ, ২৫ মে’ (হি.স.)। অষ্ট্ৰেলিয়াৰ টেনিছ সংস্থা টেনিছ অষ্ট্ৰেলিয়াই সোমবাৰে নেশ্যনেল ৰাগবী লীগৰ মুখ্য কাৰ্যবাহী বিষয়া এণ্ড্ৰু আবডোক নতুন চিইঅ’ হিচাপে নিযুক্তি দিয়ে। ফেব্ৰুৱাৰী মাহত পদত্যাগ ঘোষণা কৰা ক্ৰেগ টাইলীৰ ঠাইত তেওঁ স্থান লাভ কৰিব।

অষ্ট্ৰেলিয়াৰ দুয়োটা ক্ৰীড়া সংস্থাই সোমবাৰে এক আনুষ্ঠানিক বিবৃতিত এই নিযুক্তি নিশ্চিত কৰে।

ক্ৰেগ টাইলীয়ে ফেব্ৰুৱাৰী মাহত ঘোষণা কৰিছিল যে তেওঁ অষ্ট্ৰেলিয়ান অ’পেন টুৰ্ণামেণ্টৰ সঞ্চালক আৰু টেনিছ অষ্ট্ৰেলিয়াৰ চিইঅ’ৰ পদ এৰি ইউ এছ অ’পেন পৰিচালনা কৰা ইউনাইটেড ষ্টেটছ টেনিছ এছ’চিয়েশ্যন (ইউএছটিএ)ত যোগদান কৰিব।

দক্ষিণ আফ্ৰিকাত জন্মগ্ৰহণ কৰা টাইলে ২০০৬ চনত অষ্ট্ৰেলিয়ান অ’পেনৰ টুৰ্ণামেণ্ট ডাইৰেক্টৰ হয়।তেওঁৰ কাৰ্যকালত প্ৰতিযোগিতাখন ১৫ দিনীয়া ইভেণ্টলৈ সম্প্ৰসাৰিত হয় আৰু অসংখ্য দৰ্শক আৰু ৰাজহৰ অভিলেখ ভংগ কৰে। ২০১৩ চনত টেনিছ অষ্ট্ৰেলিয়াৰ চিইঅ’ হিচাপে নিযুক্তি লাভ কৰে।

নতুন চিইঅ’ এণ্ড্ৰু আবডোও দক্ষিণ আফ্ৰিকাৰ। ২০১৩ চনৰ পৰা অষ্ট্ৰেলিয়াৰ নেশ্যনেল ৰাগবী লীগৰ সৈতে কাম কৰি অহা তেখেতে প্ৰথমে মুখ্য বাণিজ্যিক বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি ২০২০ চনত মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি কভিড-১৯ মহামাৰীৰ সময়ত লীগ পৰিচালনা, সম্প্ৰসাৰণ, আৰু বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

আবডোৱে এক বিবৃতিত কয়, অষ্ট্ৰেলিয়াৰ ক্ৰীড়াত টেনিছ অষ্ট্ৰেলিয়াৰ এক অনন্য পৰিচয় আছে। ইতিমধ্যে অষ্ট্ৰেলিয়ান অ'পেন বিশ্বৰ অন্যতম বৃহৎ ক্ৰীড়া ইভেণ্ট। এতিয়া লক্ষ্য হৈছে ইয়াক আৰু অধিক আগুৱাই নিয়া—এটা বিশ্বব্যাপী ইভেণ্ট হিচাপে, এক ডাঙৰ অনুৰাগীৰ অভিজ্ঞতা হিচাপে, আৰু অধিক লোকক টেনিছৰ সৈতে সংযোগ কৰাৰ এক মঞ্চ হিচাপে।

টেনিছ অষ্ট্ৰেলিয়াই কয় যে নিযুক্তি প্ৰক্ৰিয়াৰ সময়ত বিশ্বজুৰি ১৫০ জনতকৈ অধিক প্ৰাৰ্থীয়ে আবেদন কৰিছিল যদিও উচ্চ পৰ্যায়ৰ ক্ৰীড়া লীগত আবডোৰ নেতৃত্বৰ অভিজ্ঞতাই তেওঁক সৰ্বোত্তম ফিট কৰি তুলিছিল।

ক্ৰেগ টাইলিয়ে কয়, টেনিছ অষ্ট্ৰেলিয়া দেশৰ অন্যতম জনপ্ৰিয় ক্ৰীড়া সংস্থা আৰু অংশগ্ৰহণ অহৰহ বৃদ্ধি পাইছে। আমাৰ হাতত বিশ্বমানৰ খেলুৱৈ আৰু পৰৱৰ্তী প্ৰজন্মৰ প্ৰতিভাৱান খেলুৱৈ আৰু প্ৰশিক্ষকক বিকাশৰ বাবে এটা ডাঙৰ দল আছে।

মন কৰিবলগীয়া যে বছৰি অনুষ্ঠিত হোৱা চাৰিখন গ্ৰেণ্ড শ্লেম প্ৰতিযোগিতাৰ ভিতৰত অষ্ট্ৰেলিয়ান অ’পেন হৈছে প্ৰথমখন। ইয়াৰ পিছতে ফ্ৰেঞ্চ অ’পেন, উইম্বলডন, ইউ এছ অ’পেন।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande