অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে সাজু ভাৰতীয় মহিলা হকী দল, ২৬ মে’ত প্ৰথমখন মেচ
নতুন দিল্লী, ২৫ মে’(হি.স.)। ভাৰতীয় মহিলা হকী দলটোৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চাৰিখন মেচৰ প্ৰীতি শৃংখলা খেলিবলৈ সাজু হৈছে। আগন্তুক এফ আই এইচ মহিলা হকী নেচনছ কাপ নিউজিলেণ্ড ২০২৫-২৬ৰ প্ৰস্তুতিৰ বাবে এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। ২৬ মে’ত
भारतीय महिला हॉकी टीम की कप्तान सलीमा टेटे


নতুন দিল্লী, ২৫ মে’(হি.স.)। ভাৰতীয় মহিলা হকী দলটোৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চাৰিখন মেচৰ প্ৰীতি শৃংখলা খেলিবলৈ সাজু হৈছে। আগন্তুক এফ আই এইচ মহিলা হকী নেচনছ কাপ নিউজিলেণ্ড ২০২৫-২৬ৰ প্ৰস্তুতিৰ বাবে এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। ২৬ মে’ত পাৰ্থ হকী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই শৃংখলাৰ প্ৰথমখন মেচ।

চলিত বৰ্ষৰ আৰম্ভণিতে আৰ্জেণ্টিনা ভ্ৰমণত তাৰকাময় প্ৰদৰ্শনৰ পিছত আত্মবিশ্বাসেৰে ভৰি পৰিছে ভাৰতীয় দলটো। চাৰিখন খেলৰ শৃংখলাটোত ভাৰতে বিশ্বৰ দুই নম্বৰ আৰ্জেণ্টিনাৰ বিৰুদ্ধে ২-২ গ’লত সমতা স্থাপন কৰে। প্ৰথম দুখন মেচত পৰাস্ত হোৱাৰ পিছত ভাৰতীয় দলটোৱে শক্তিশালী প্ৰত্যাৱৰ্তন কৰি নিজৰ সম্ভাৱনা প্ৰদৰ্শন কৰে।

মুখ্য প্ৰশিক্ষক শ্বোয়াৰ্ড মাৰিজনেৰ তত্বাৱধানত ভাৰতীয় দলটোৱে যোৱা কেইটামান সপ্তাহত এছ এ আই বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰশিক্ষণ শিবিৰত কঠোৰ প্ৰস্তুতি চলাইছে। খেলুৱৈসকলে কৌশলগত ড্ৰিল, পেনাল্টি কৰ্ণাৰ কম্বিনেচন, ফিটনেছ, আৰু ষ্ট্ৰাকচাৰড প্লেৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

হকী ইণ্ডিয়াৰ উদ্ধৃতিৰে দলৰ অধিনায়ক ছালিমা টেটে এই ভ্ৰমণৰ বিষয়ে কয়, এই ভ্ৰমণক লৈ সমগ্ৰ দলটো অত্যন্ত উৎসাহিত। অষ্ট্ৰেলিয়াৰ দৰে শক্তিশালী দলৰ বিৰুদ্ধে তেওঁলোকৰ ঘৰুৱা খেলপথাৰত খেলাটো সদায় প্ৰত্যাহ্বানমূলক, আৰু বৰ্তমান আমাক প্ৰয়োজনীয় প্ৰত্যাহ্বান ঠিক সেইটোৱেই। পাৰ্থৰ প্ৰতিখন মেচ আমাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব।

তেওঁ লগতে কয়, আমি আত্মবিশ্বাস আৰু ইতিবাচক গতিৰে অকলেণ্ডত অনুষ্ঠিত হ'বলগীয়া নেচনছ কাপত প্ৰৱেশ কৰিব বিচাৰো। অষ্ট্ৰেলিয়াই আমাক আমাৰ সীমালৈকে প্ৰত্যাহ্বান জনাব, আৰু আমি এই সুযোগ ব্যৱহাৰ কৰি নিজকে শক্তিশালী কৰিব বিচাৰো।

২২ জনীয়া ভাৰতীয় দলটোৱে অভিজ্ঞতা আৰু যুৱক-যুৱতীৰ ভাল মিশ্ৰণৰ গৌৰৱ কৰে। সোণম, হিনা বানো, আৰু লালথানথলুৱাংগীৰ দৰে যুৱ খেলুৱৈও নিজৰ স্থান দখল কৰিবলৈ সাজু হৈছে। এফ আই এইচৰ বিশ্ব ৰেংকিঙত নৱম স্থানত থকা ভাৰতীয় দলটোৱে অষ্টম স্থানৰ অষ্ট্ৰেলিয়ান দলটোক কঠিন প্ৰত্যাহ্বান দিয়াৰ উদ্দেশ্যেৰে খেলপথাৰত নামিব।

২৬ মে’ত সন্ধিয়া ৫:০০ বজাত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত প্ৰথমখন খেল অনুষ্ঠিত হ’ব।

ভাৰত বনাম অষ্ট্ৰেলিয়া ছিৰিজৰ সূচী (ভাৰতীয় মানক সময়)

প্ৰথম মেচ - ২৬ মে', সন্ধিয়া ৫:০০ বজাত

দ্বিতীয়খন খেল - ২৭ মে’, সন্ধিয়া ৫:০০ বজাত

তৃতীয় মেচ - ২৯ মে', পুৱা ১১:০০ বজাত

চতুৰ্থ মেচ - ৩০ মে, পুৱা ১১:০০ বজাত

ভাৰতীয় মহিলা হকী দল

গ’লৰক্ষক

সবিতা, বিচু দেৱী খাৰিবাম

ডিফেণ্ডাৰসকল

নিকি প্ৰধান, ইশিকা চৌধুৰী, সুশীলা চানু পুখ্ৰাম্বম, লালথানথলুৱাঙী, জ্যোতি, শিল্পী দবাছ

মিডফিল্ডাৰ

ছালিমা টেটে, লালৰেমছিয়ামি, নেহা, সাক্ষী ৰাণা, সুনেলিতা টপ্পো, দীপিকা সোৰেং, সোণম

ফৰৱাৰ্ড

নৱনীত কৌৰ, বলজীত কৌৰ, দীপিকা, অনু, ইশিকা, হিনা বানো, ঋতুজা দাদসো পিছল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande