ইউনিটি কাপৰ বাবে ১৭ জন খেলুৱৈৰ সৈতে লণ্ডনত উপস্থিত ভাৰতীয় ফুটবল দল
নতুন দিল্লী, ২৫ মে’(হি.স.)। ইউনিটি কাপ ২০২৬ত অংশগ্ৰহণৰ বাবে ১৭ জন খেলুৱৈৰ সৈতে ২৪ মে’ত লণ্ডনত উপস্থিত হয় ভাৰতীয় জ্যেষ্ঠ পুৰুষৰ ফুটবল দল। দেওবাৰে পুৱাই বেংগালুৰুৰ পৰা ৰাওনা হোৱা ভাৰতীয় দলটোৱে ২০০২ চনৰ পিছত প্ৰথমবাৰৰ বাবে ব্ৰিটিছ মাটিত এখন খেল খেল
लंदन पहुंची भारतीय फुटबॉल टीम


নতুন দিল্লী, ২৫ মে’(হি.স.)। ইউনিটি কাপ ২০২৬ত অংশগ্ৰহণৰ বাবে ১৭ জন খেলুৱৈৰ সৈতে ২৪ মে’ত লণ্ডনত উপস্থিত হয় ভাৰতীয় জ্যেষ্ঠ পুৰুষৰ ফুটবল দল। দেওবাৰে পুৱাই বেংগালুৰুৰ পৰা ৰাওনা হোৱা ভাৰতীয় দলটোৱে ২০০২ চনৰ পিছত প্ৰথমবাৰৰ বাবে ব্ৰিটিছ মাটিত এখন খেল খেলিব।

২০২৫-২৬ ইণ্ডিয়ান ছুপাৰ লীগ সমাপ্ত হোৱাৰ এদিন পিছত ২২ মে’ৰ পৰা বেংগালুৰুত মুখ্য প্ৰশিক্ষক খালিদ জামিলৰ দলে প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰে। কিন্তু ২৩ মে’ত মহম্মদ বাগান ছুপাৰ জায়েণ্টছে নিজৰ খেলুৱৈসকলক ৰাষ্ট্ৰীয় শিবিৰৰ পৰা আঁতৰাই আনে। ইয়াৰ পিছতে বাকী ১৭ গৰাকী খেলুৱৈক লৈ ভাৰতে লণ্ডন অভিমুখে ৰাওনা হয়। গ’লৰক্ষক হৃতিক তিৱাৰীয়ে পৃথকে যাত্ৰা কৰি আজি দলত যোগদান কৰিব।

ফিফা ৰেংকিঙত ১৩৬ নম্বৰ স্থানত থকা ভাৰতে ২৭ মে’ (২৮ মে’ আই এছ টি)ৰ মাজনিশা দ্বিতীয়খন ছেমি ফাইনেলত জামাইকা (৭১ নম্বৰ স্থান)ৰ বিৰুদ্ধে খেলিব। প্ৰথমখন ছেমি ফাইনেলত ২৬ নম্বৰ স্থানৰ নাইজেৰিয়াই ১৩০ নং স্থানৰ জিম্বাবুৱেৰ বিৰুদ্ধে খেলিব।

৩০ মে’ত তৃতীয় স্থানৰ খেলখনত দুয়োখন ছেমি ফাইনেলৰ পৰাজয়ী দলৰ মুখামুখি হ’ব।সকলো মেচ চাৰ্লটন এথলেটিক ফুটবল ক্লাবৰ ঘৰুৱা খেলপথাৰ লণ্ডনৰ দ্য ভেলী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। ফেনকোডত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ব মেচসমূহ।

ইউনিটি কাপ ২০২৬ৰ বাবে ভাৰতৰ দল

গ'লৰক্ষক:

গুৰপ্ৰীত সিং সন্ধু, হৃতিক তিৱাৰী, আলবিনো গোমেছ।

ডিফেণ্ডাৰ:

ৰাহুল ভেকে, নিখিল পূজাৰী, ৰোশন সিং নাওৰেম, সন্দেশ ঝিংগান, আকাশ মিশ্ৰ, বিজয় বাৰ্ঘেছ, প্ৰমবীৰ।

মিডফিল্ডাৰ:

জেকচন সিং থৌনাওজাম, নৌফল পি এন, ৰিকি শ্বাবং।

ফৰৱাৰ্ড:

ৰিয়ান উইলিয়ামছ, এডমাণ্ড লালৰিণ্ডিকা, লালৰিয়ানজুয়ালা ছাংটে, ৰহিম আলী, ফাৰুখ চৌধুৰী।

ইউনিটি কাপ ২০২৬ৰ সূচী

প্ৰথম ছেমি ফাইনেল

২৭ মে', পুৱা ১২:০০ বজাত (ভাৰতীয় সময় অনুসৰি)

নাইজেৰিয়া বনাম জিম্বাবুৱে।

দ্বিতীয় ছেমি ফাইনেল

২৮ মে', পুৱা ১২:০০ বজাত (ভাৰতীয় সময় অনুসৰি)

জামাইকা বনাম ভাৰত।

চূড়ান্ত আৰু তৃতীয় স্থানৰ মেচ

৩০ মে’, ২০২৬

স্থান: লণ্ডনৰ দ্য ভেলী ষ্টেডিয়াম।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande