মহিলা টি-২০ বিশ্বকাপৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ প্ৰশিক্ষক শ্বেলী নিচকৰ ২০২৯ চনলৈ চুক্তি বৃদ্ধি
মেলবৰ্ণ, ২৫ মে’ (হি.স.)। অষ্ট্ৰেলিয়াৰ মহিলা ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক শ্বেলী নিচকে দলটোৰ সৈতে তিনি বছৰৰ বাবে চুক্তি বৃদ্ধি কৰিছে। এতিয়া ২০২৯ চনৰ মাজভাগলৈকে মুখ্য প্ৰশিক্ষক হৈ থাকিব। ইংলেণ্ডত অনুষ্ঠিত হ’বলগীয়া মহিলা টি-২০ বিশ্বকাপৰ ঠিক আগতে সোম
ऑस्ट्रेलिया महिला क्रिकेट टीम की मुख्य कोच शेली निट्शके


মেলবৰ্ণ, ২৫ মে’ (হি.স.)। অষ্ট্ৰেলিয়াৰ মহিলা ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক শ্বেলী নিচকে দলটোৰ সৈতে তিনি বছৰৰ বাবে চুক্তি বৃদ্ধি কৰিছে। এতিয়া ২০২৯ চনৰ মাজভাগলৈকে মুখ্য প্ৰশিক্ষক হৈ থাকিব। ইংলেণ্ডত অনুষ্ঠিত হ’বলগীয়া মহিলা টি-২০ বিশ্বকাপৰ ঠিক আগতে সোমবাৰে এই ঘোষণা কৰা হয়।

২০২২ চনত মেথিউ মটৰ ঠাইত মুখ্য প্ৰশিক্ষক হিচাপে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অল ৰাউণ্ডাৰ শ্বেলী নিচ্কেয়ে ২০২২ চনৰ কমনৱেলথ গেমছ আৰু ২০২৩ চনৰ মহিলা টি-২০ বিশ্বকাপত সোণৰ পদক লাভ কৰে। অৱশ্যে শেহতীয়া এদিনীয়া আৰু টি-২০ বিশ্বকাপতহে দলটোৱে ছেমি ফাইনেলত প্ৰৱেশ কৰে।

নিচ্কেৰ নতুন চুক্তি অনুসৰি অষ্ট্ৰেলিয়াৰ পৰৱৰ্তী চাৰিখন ডাঙৰ প্ৰতিযোগিতাৰ বাবে তেওঁ দায়বদ্ধ হ’ব। ইয়াৰ ভিতৰত ২০২৬ আৰু ২০২৮ চনৰ মহিলা টি-২০ বিশ্বকাপ, ২০২৭ চনৰ চেম্পিয়নছ ট্ৰফী, ২০২৮ চনৰ অলিম্পিক। ২০২৭ চনত ইংলেণ্ডত এছেছৰ বিৰুদ্ধেও অষ্ট্ৰেলিয়াই খেলিব আৰু ২০২৯ চনত ঘৰুৱা এছেছ শৃংখলা আয়োজন কৰিব।

ক্ৰিকেট অষ্ট্ৰেলিয়াৰ উদ্ধৃতি অনুসৰি শ্বেলী নিচকে কয় যে, এই দলৰ সৈতে কাম কৰাটো আৰু এনে কল্পনাতীত খেলুৱৈ আৰু সহায়ক কৰ্মচাৰীৰ সৈতে বৃদ্ধি পোৱাটো এক সৌভাগ্যৰ কথা। আমি একেলগে ইমানখিনি সফলতা লাভ কৰিছো, কিন্তু এই দলটোৱে আগন্তুক বছৰবোৰত আৰু অধিক কৰিব পাৰিব। আগন্তুক বহু ডাঙৰ প্ৰতিযোগিতা আৰু প্ৰত্যাহ্বান আছে, যাৰ বাবে মই অত্যন্ত উৎসাহিত।

মহিলা টি-২০ বিশ্বকাপৰ পূৰ্বে অষ্ট্ৰেলিয়াই দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখন বেচৰকাৰী অনুশীলন মেচ খেলিব। ইয়াৰ পিছত দলটোৱে ইংলেণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আইচিচিৰ অনুশীলন মেচ খেলিব।

অষ্ট্ৰেলিয়াক দক্ষিণ আফ্ৰিকা, বাংলাদেশ, ভাৰত, পাকিস্তান, আৰু নেদাৰলেণ্ডৰ সৈতে টি-২০ বিশ্বকাপৰ বাবে গ্ৰুপত স্থান দিয়া হৈছে।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande