এদিনীয়া বিশ্বকাপ ২০২৭ৰ বাবে কামিন্স, ষ্টাৰ্ক আৰু হেজলউডৰ ওপৰত আত্মবিশ্বাসী অষ্ট্ৰেলিয়া
নতুন দিল্লী, ২৫ মে’ (হি.স.)। অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ পৰিচালনা সমিতিয়ে ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ কথা মনত ৰাখি অভিজ্ঞ বেগী বলাৰ পেট কামিন্স, মিচেল ষ্টাৰ্ক আৰু জোছ হেজলউডৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰকাশ কৰিছে। ফিটনেছ আৰু ধাৰাবাহিক ক্ৰিকেটৰ হেঁচা থকাৰ
ऑस्ट्रेलियन तेज गेंदबाज हेजलवुड, कमिंस और स्टार्क


নতুন দিল্লী, ২৫ মে’ (হি.স.)। অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ পৰিচালনা সমিতিয়ে ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ কথা মনত ৰাখি অভিজ্ঞ বেগী বলাৰ পেট কামিন্স, মিচেল ষ্টাৰ্ক আৰু জোছ হেজলউডৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰকাশ কৰিছে। ফিটনেছ আৰু ধাৰাবাহিক ক্ৰিকেটৰ হেঁচা থকাৰ পাছতো অষ্ট্ৰেলিয়াই আশা কৰিছে যে বিশ্বকাপলৈকে এই ত্ৰিমূৰ্তি সম্পূৰ্ণ ফিট আৰু শীৰ্ষ ফৰ্মত থাকিব।

পাকিস্তান আৰু বাংলাদেশৰ বিৰুদ্ধে আগন্তুক সীমিত অভাৰৰ শৃংখলাৰ পৰা তিনিওগৰাকী খেলুৱৈক জিৰণি দিয়া হৈছে। অষ্ট্ৰেলিয়াৰ মুখ্য প্ৰশিক্ষক এণ্ড্ৰু মেকড’নাল্ডে কয় যে এই ভ্ৰমণৰ বাবে তিনিওজন খেলুৱৈ উপলব্ধ আছিল যদিও দীঘলীয়া সময়সূচী আৰু খেলুৱৈসকলৰ কামৰ বোজাৰ বাবে দল পৰিচালনা সমিতিয়ে তেওঁলোকক জিৰণি দিয়াৰ সিদ্ধান্ত লয়।

ক্ৰিকেট অষ্ট্ৰেলিয়াৰ উদ্ধৃতি দি মেকড’নাল্ডে কয় যে মানুহে কেৱল বৰ্তমানৰ ফিক্সচাৰবোৰ চাই খেলুৱৈসকলে কিয় খেলা নাই বুলি প্ৰশ্ন কৰে। কিন্তু ২০২৭ চনৰ বিশ্বকাপৰ আগৰ সমগ্ৰ সূচীখন চালে এইটোৱেই তেওঁলোকৰ শৰীৰ প্ৰস্তুত কৰাৰ আৰু ফিট কৰি ৰখাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়। আমি তিনিওজন খেলুৱৈয়ে ২০২৭ চনৰ বিশ্বকাপত খেলাৰ পৰিকল্পনা কৰিছো।’

তেওঁ লগতে কয় যে বয়স বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি খেলুৱৈসকলক ফিট কৰি ৰখাটো কঠিন হ’ব। বৰ্তমান ষ্টাৰকৰ বয়স ৩৬, হেজলউডৰ বয়স ৩৫, আৰু কামিন্সৰ বয়স ৩৩।

মুখ্য প্ৰশিক্ষকগৰাকীয়ে কয়, আমাৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈছে ধাৰাবাহিক ক্ৰিকেটৰ মাজত এই দ্ৰুত বলাৰসকলক কেনেকৈ ফিট কৰি ৰাখিব পাৰি। চিকিৎসা আৰু ক্ৰীড়া বিজ্ঞান বিভাগে ইয়াৰ ওপৰত অহৰহ কাম কৰি আছে।

মেকড’নাল্ডে লগতে স্পষ্ট কৰি দিয়ে যে খেলুৱৈসকলে স্বেচ্ছাই শৃংখলা এৰিব পৰা নাই। তেওঁ কয়, এয়া নহয় যে খেলুৱৈসকলে নিজেই কোনখন শৃংখলা খেলিব সেইটো সিদ্ধান্ত লয়। এই সিদ্ধান্তসমূহ ভৱিষ্যতৰ সূচী আৰু ফিটনেছৰ কথা মনত ৰাখি লোৱা হয়। খেলুৱৈসকলে খেলিব বিচাৰে, কিন্তু আমি অনুভৱ কৰোঁ যে এতিয়া তেওঁলোকক জিৰণি দিয়াটোৱেই ভাল।

২০২৬ চনৰ আই পি এলত তিনিওজন বেষ্ট বলাৰকে খেলা দেখা যাব।পিঠিৰ আঘাতৰ পৰা সুস্থ হৈ উঠাৰ পিছত পেট কামিন্স ঘূৰি অহাৰ বিপৰীতে জোছ হেজলউডে হামষ্ট্ৰিং আৰু একিলিছৰ আঘাতৰ বাবে অসুবিধা পাইছিল। দিল্লী কেপিটেলছৰ পৰা আঁতৰি যোৱাৰ লগে লগে মিচেল ষ্টাৰকৰ অভিযানৰ অন্ত পৰে।

মেকড’নাল্ডে কয় যে পেট কামিন্সক ঘূৰি অহাৰ পিছত এদিনীয়া দলত পুনৰ নিযুক্তি দিয়া হ’ব। বৰ্তমান তেওঁৰ অনুপস্থিতিত দলটোৰ নেতৃত্ব দি আছে মিচেল মাৰ্ছে।

টিম ডেভিদৰ এদিনীয়া দললৈ ঘূৰি অহাৰ কথাও বিবেচনা কৰা হৈছে। বিস্ফোৰক বেটছমেন টিম ডেভিদক এদিনীয়া দললৈ ঘূৰাই অনাৰ কথাও অষ্ট্ৰেলিয়াৰ দল পৰিচালনা সমিতিয়ে বিবেচনা কৰিছে। ডেভিদে শেষবাৰৰ বাবে ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত এদিনীয়া খেলিছিল।

মেকড’নাল্ডে কয়, আমি এই বিকল্পৰ কথা বিবেচনা কৰিছো। যদি টিম ডেভিদে ভৱিষ্যতে এদিনীয়া ক্ৰিকেট খেলাৰ ইচ্ছা প্ৰকাশ কৰে তেন্তে তেওঁ দলৰ পৰিকল্পনাৰ অংশ হ'ব পাৰে।

গ্লেন মেক্সৱেলে এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছত অষ্ট্ৰেলিয়াই নিম্ন ক্ৰমৰ এজন শক্তিশালী ফিনিছাৰ বিচাৰিছে আৰু সেই ভূমিকাৰ বাবে টিম ডেভিদক এক মূল বিকল্প হিচাপে গণ্য কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande