
নতুন দিল্লী, ২৫ মে’ (হি.স.)। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে সোমবাৰে টাটা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৬ প্লে অফৰ বাবে ফেন পাৰ্কৰ সময়সূচী ঘোষণা কৰে। এই পদক্ষেপে ক্ৰিকেট অনুৰাগীসকলক ৫খন ৰাজ্যৰ পাঁচখন চহৰত আই পি এল প্লে অফৰ এক ৰোমাঞ্চকৰ অভিজ্ঞতা প্ৰদান কৰিব।
অহা ২৯ আৰু ৩১ মে’ত অনুষ্ঠিত হ’বলগীয়া আই পি এল ফেন পাৰ্কত অনুৰাগীয়ে উতসৱৰ দৰে পৰিৱেশত আই পি এল প্লে অফৰ ৰোমাঞ্চ অনুভৱ কৰিব পাৰিব।
এই চহৰসমূহত অনুষ্ঠিত হ’ব ফেন পাৰ্ক
গোৱালিয়ৰ, মধ্যপ্ৰদেশ
উত্তৰ প্ৰদেশৰ গাজীপুৰ
মাংগালোৰ, কৰ্ণাটক
কাকিনাডা, অন্ধ্ৰ প্ৰদেশ
আগৰতলা, ত্ৰিপুৰা
এই ফেন পাৰ্কসমূহত টাটা আই পি এল ২০২৬ প্লে অফ মেচসমূহৰ লাইভ সম্প্ৰচাৰ কৰা হ’ব। ইয়াৰ উপৰিও দৰ্শকসকলক সংগীত, মনোৰঞ্জন, ফুড ক’ৰ্ট, শিশুৰ খেলপথাৰ, আৰু বিভিন্ন ইন্টাৰেক্টিভ কাৰ্যসূচীৰ ব্যৱস্থা কৰা হ’ব।
ভাৰ্চুৱেল বেটিং জ'ন, বলিং নেট, ফেচ পেইন্টিং, আৰু পিচ পাৰফেক্ট, গেম অৱ থ্ৰ'ছ, আৰু ডন'ট মিছ দ্য বলৰ দৰে জনপ্ৰিয় ক্ৰীড়া কাৰ্য্যকলাপও অনুৰাগীৰ বাবে হাইলাইট হ'ব ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া