
শিৱসাগৰ,২৫মে (হি.স.)। শিৱসাগৰ জিলাৰ মলাগাঁওত আজি এক গুলীচালনাৰ ঘটনা সংঘটিত হয়। দুৰ্বিত্তৰ গুলীচালনাত এজন আহত হয় আৰু এজনক অপহৰণ কৰা বুলি সন্দেহ কৰা হৈছে। গুলীবিদ্ধ হোৱা ব্যক্তি গৰাকীক ৰিতু গগৈ বুলি চিনাক্ত কৰা হৈছে। তেওক গুলীবিদ্ধ অৱস্থাত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।
জিলা আৰক্ষী অধিক্ষক গৰাকী সংবাদ মাধ্যমক সদৰি কৰা অনুসৰি আজি দুপৰীয়া ৰিটু গগৈ আৰু ক্ষিপ্ৰ প্ৰতিম গগৈ এখন বাইকত আহি থাকোতে দুৰ্বিত্তই গুলীবৰ্ষণ কৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ঘটনাস্থলীৰ পৰা গুলীবিদ্ধ হোৱা ৰিতু গগৈৰ বাইক খন উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ