
শোণিতপুৰ, ২৫ মে (হি.স.)। তেজপুৰ ডেকাৰগাৱত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ভয়ংকৰ দূৰ্ঘটনা৷ দ্ৰতবেগী ট্ৰাকে মহতিয়াই নিলে নৱম শ্ৰেণীৰ ছাত্ৰক৷ ৰাইজৰ দীৰ্ঘদিনীয়া দাৱীৰ প্ৰতি প্ৰশাসনে গুৰুত্ব নিদিয়াৰ ভয়ংকৰ পৰিণতি৷ আজি পুৱা পতিয়াচুবুৰীৰ ভাৰাঘৰৰ পৰা বিদ্যালয়লৈ ওলাই গৈছিল ডেকাৰগাও হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ ৰঞ্জন মিলি৷
গহপুৰ লোহিতমুখৰ ছাত্ৰজন পিতৃৰ চাকৰিসুত্ৰে পিতৃৰ লগত আছিল পতিয়াচুবউৰীৰ ভাৰাঘৰত৷ এজন সুদক্ষ খো খো খেলুৱৈ ৰঞ্জন বিদ্যালয়লৈ গৈ থকা অৱস্থাত ডেকাৰগাও চাৰিআলিত পিছফালৰ পৰা অহা এখন ট্ৰাকে মহতিয়াই নি ট্ৰাকখনে পলায়ন কৰে৷ ফলত ছাত্ৰজনৰ ঠিতাতে মৃত্যু হয়৷ ইয়াকে লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৰাইজে৷ স্থানীয় ৰাইজে মৃতদেহ আগত লৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰাইজে মুঠ চাৰিবাৰকৈ ৰাষ্ট্ৰীয় ঘাইপথত স্পীড ব্ৰেকাৰ দিবলৈ শোণিতপুৰ আয়ুক্তক আৱেদন জনাইছিল কিন্তু সেয়া আজি পৰ্যন্ত নোহোৱাত একেস্থানতেই ইয়াৰ পূৰ্বেও বহুকেইটা দূৰ্ঘটনা সংঘটিত হৈছে৷
ৰাইজে এজন ট্ৰেফিক আৰক্ষী দিয়াৰো দাৱী তুলিছিল কিয়নো ডেকাৰগাও ৰেল ষ্টেচনৰ পৰা এই পথৰেই আহে সামগ্ৰী কঢ়িওৱা ট্ৰাক সমুহ৷ আজি ৰাইজে জিলা পৰিবহন বিভাগৰ এনফৰ্চমেন্ট বিষয়া সকলকো জবাবদিহি কৰে৷ অভাৰলোড ট্ৰাক সমুহ পৰীক্ষা নকৰি বুজাবুজিৰে পথত চলাচল কৰিবলৈ দিয়ে এইসকল বিষয়াই৷
আজি ৰাইজৰ ৰোষৰ সন্মুখীন হ’ল এইসকল এনফৰ্চমেন্ট বিষয়া৷ ৰাইজৰ দাবী অনুসৰি ঘটনাস্থলীত ঊপস্থিত হয় শোণিতপুৰৰ অতিৰিক্ত আয়ুক্ত৷ ৰাইজৰ দাৱী পূৰণ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে তেও৷ কিন্তু ৰাইজ নাচোৰবান্দা৷ আজিৰে পৰাই আৰম্ভ কৰক স্পীড ব্ৰেকাৰৰ কাম৷ ট্ৰেফিক নিয়োগ কৰক চাৰিআলিত৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা