
গোলাঘাট, ২৫ মে (হি.স.)। সৰুপথাৰৰ অসম নগালেণ্ড সীমান্তত চলিছে শিল মাফিয়াৰ দৌৰাত্ম। উৰিয়ামঘাট আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত অসম নগালেণ্ড সীমান্তৰ দৈয়াং নদীত চলা অবৈধ শিল খননে লৈছে ভয়াৱহ ৰূপ।
শিল মাফিয়াৰ কবলত পৰি নি:শেষ হোৱাৰ উপক্ৰম হৈছে সীমান্তৱৰ্তী কেইবাখনো গাওঁ। ইমানৰ পিছতো কাণ সাৰ নাই চৰকাৰ প্ৰশাসন আৰু বন বিভাগৰ। নগা প্ৰশাসনৰ পৰা নগালেণ্ডত শিলখননৰ অনুমতি লৈ দৈয়াং নদীৰ পাৰৰ অসমৰ ভূমিত চলাইছে অবাধে শিলৰ অবৈধ খনন। এনে অবৈধ শিল খননৰ ফলত অসমৰ শ শ বিঘা মাটি জাহ গৈছে দৈয়াং নদীৰ বুকুত।উৰিয়ামঘাট আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত অসম নগালেণ্ড সীমান্তৰ দৈয়াং নদীৰ ভয়াৱহ অবৈধ শিল খনন বন্ধ কৰিবলৈ সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ সামাজিক মাধ্যমত সকিয়নি দিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা