
কামৰূপ, ২৫ মে (হি.স.)। ৰঙিয়াত চিপিআইএমৰ প্ৰতিবাদী কাৰ্য্যসূচী।
অত্যাৱশ্যকীয় সামগ্ৰী তথা ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে উক্ত প্ৰতিবাদ সাব্যস্ত দলটোৰ জিলা কমিটিৰ সদস্য় সকলৰ।
চিপি আইএম কামৰূপ জিলা সমিতিৰ সদস্য সকলে ৰঙিয়া নগৰৰ মাজমজিয়াৰে প্ৰতিবাদী সমদল বাহিৰ কৰি চৰকাৰৰ ব্যৰ্থতাৰ অভিযোগ তুলি বিভিন্ন শ্লোগানেৰে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদৰ অন্তত চৰকাৰে অতিশীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবী জনাই ৰঙিয়া ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত এক পথসভা অনুষ্ঠিত কৰি ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ বিভিন্ন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা