পেট্ৰ’লৰ মূল্য ২.৬১ টকা আৰু ডিজেলৰ মূল্য ২.৭১ টকা বৃদ্ধি
নতুন দিল্লী, ২৫ মে’ (হি.স.)। আজি পুনৰ বৃদ্ধি পালে পেট্ৰ’ল জাত ইন্ধনৰ মূল্য। প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ২.৬১ টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য ২.৭১ টকা বৃদ্ধি কৰা হৈছে। দুসপ্তাহ নৌহওঁতেই এয়া চতুৰ্থবাৰৰ বাবে এনে বৃদ্ধি। দিল্লীত এতিয়া প্ৰতিলিটাৰ পেট্
b69466b536f8ce43b6356ec1332e05a4_2097890844.jpg


নতুন দিল্লী, ২৫ মে’ (হি.স.)। আজি পুনৰ বৃদ্ধি পালে পেট্ৰ’ল জাত ইন্ধনৰ মূল্য। প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ২.৬১ টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য ২.৭১ টকা বৃদ্ধি কৰা হৈছে। দুসপ্তাহ নৌহওঁতেই এয়া চতুৰ্থবাৰৰ বাবে এনে বৃদ্ধি। দিল্লীত এতিয়া প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ১০২.১২ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৯৫.২০ টকা।

প্ৰধান তেল কোম্পানীসমূহৰ তথ্য অনুসৰি সমগ্ৰ দেশৰ প্ৰধান চহৰসমূহত পেট্ৰ’লৰ মূল্য এতিয়া কলকাতাত ১১৩.৫১ টকা, মুম্বাইত ১১১.২১ টকা, নয়ডাত ১০১.৯ টকা, বেংগালুৰুত ১১০.৬ টকা, ভুৱনেশ্বৰত ১০৮.৮ টকা, চণ্ডীগড়ত ১০১.৫ টকা, জয়পুৰত ১১৩.৪ টকা, লক্ষ্ণৌত ১০১.৯ টকা আৰু পাটনাত ১১৩.৫ টকা।

যোৱা ১০ দিনত এয়া চতুৰ্থবাৰৰ বাবে মূল্যবৃদ্ধি। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ১০২.১২ ₹ আৰু ডিজেলৰ মূল্য ৯৫.২০ ₹। ইয়াৰ পূৰ্বে শনিবাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য ৮৭ পইচাৰ পৰা ৯১ পইচালৈ লৈ বৃদ্ধি কৰা হৈছিল। কলকাতাত ডিজেলৰ মূল্য প্ৰতি লিটাৰ ₹৯৯.৮২, আৰু মুম্বাইত প্ৰতি লিটাৰৰ দৰ ₹৯৭.৮৩।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande