কোকৰাঝাৰ জিলাৰ নিতুল চাহ বাগিচাৰ নৃশংস হত্যাকাণ্ডক কেন্দ্ৰ কৰি বিশ্বনাথত ধৰ্ণা কাৰ্যসূচী
বিশ্বনাথ, ২৫ মে (হি.স.)। কোকৰাঝাৰ জিলাৰ নিতুল চাহ বাগিচাৰ নৃশংস হত্যাকাণ্ডক কেন্দ্ৰ কৰি বিশ্বনাথত আজি ধৰ্না কাৰ্যসূচী। ঘটনাটোৰ দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে অসম চাহ জনজাতি মহি
কোকৰাঝাৰ জিলাৰ নিতুল চাহ বাগিচাৰ নৃশংস হত্যাকাণ্ডক কেন্দ্ৰ কৰি বিশ্বনাথত ধৰ্ণা কাৰ্যসূচী


বিশ্বনাথ, ২৫ মে (হি.স.)। কোকৰাঝাৰ জিলাৰ নিতুল চাহ বাগিচাৰ নৃশংস হত্যাকাণ্ডক কেন্দ্ৰ কৰি বিশ্বনাথত আজি ধৰ্না কাৰ্যসূচী। ঘটনাটোৰ দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে অসম চাহ জনজাতি মহিলা সমিতিৰ বিশ্বনাথ জিলা সমিতিয়ে।

অসম চাহ জনজাতি মহিলা সমিতিৰ বিশ্বনাথ জিলা সমিতিয়ে বিশ্বনাথ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মূখত তিনি ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন এই নৃশংস হত্যাকাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে।সংগঠনটোৱে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। সংগঠনটোৱে দোষীক ফাঁচী দিয়ক, মহিলা আৰু কিশোৰীৰ সুৰক্ষা নিশ্চিত কৰক, আদি বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে। আনহাতে ভুক্তভোগীৰ পৰিয়ালক এককালীন আৰ্থিক সাহায্য প্ৰদানৰো দাবী জনাই। ঘটনাটোক লৈ বিভিন্ন সংগঠনৰ প্ৰতিবাদ আৰু দাবী অব্যাহত থকাৰ মাজতে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া এতিয়া লক্ষণীয় হৈ পৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande