
শিৱসাগৰ, ২৫ মে (হি.স.)। চবছে পেহেলে , চবছে দূৰ শ্লোগানেৰে চলিত বৰ্ষৰ ১৮ মে তাৰিখে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে জন ভাগীদাৰী যাত্ৰাৰ শুভাৰম্ভ কৰিছিল ।ৰাজ্য চৰকাৰৰ নিৰ্দেশমতে শিৱসাগৰ জিলা প্ৰশাসনে জিলাখনৰ তিনিটাকৈ সমষ্টিত আৰম্ভ কৰা জন ভাগীদাৰী যাত্ৰাৰ আজি সামৰণি পৰে ।
বিশেষকৈ জনজাতীয় লোকসকলৰ মাজত ভাগীদাৰী যাত্ৰাৰ অংশস্বৰূপে সজাগতা সভাৰ আয়োজন কৰা হৈছিল।চৰকাৰী আঁচনি সমূহক জনজাতীয় লোকসকলৰ মাজলৈ লৈ যাবৰ বাবে এই ভাগীদাৰী যাত্ৰা আৰম্ভ কৰা হৈছিল। জিলাখনৰ তিনিটাকৈ বিধানসভা সমষ্টিৰ মুঠ ২১ খনকৈ গাৱত এই ভাগীদাৰী যাত্ৰা চলোৱা হৈছিল।
বিগত ১৯ মে তাৰিখে শিৱসাগৰ জিলা প্ৰশাসনে এই ভাগীদাৰী যাত্ৰা আৰম্ভ কৰিছিল।ইতিমধ্যে সামৰণি পৰা ভাগীদাৰী যাত্ৰাৰ জৰিয়তে গাঁও অঞ্চলৰ জনজাতীয় লোকসকল উপকৃত হব বুলি শিৱসাগৰ জিলা প্ৰশাসনে জানিবলৈ দিয়ে। জিলা উন্নয়ন আয়ুক্ত পবিত্ৰ কুমাৰ দাসে আজি এক সংবাদমেলযোগে এই কথা সদৰী কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ