
ওদালগুৰি, ২৫ মে (হি.স.)। টংলা থানাৰ পৰা, টংলা - ছয়বাৰী পথলৈ যোৱা সংযোগী পথৰ দুৰৱস্থা।এজাক বৰষুণতেই সাগৰ সদৃশ পৰিৱেশ টংলা থানালৈ যোৱা পথৰ লগতে টংলা সাপ্তাহিক বজাৰ।
কানসাৰ নাই স্থানীয় জনপ্ৰতিনিধি কিম্বা টংলা পৌৰ সভাৰ।বছৰ বছৰ ধৰি পথছোৱাৰ লগতে পানী যোৱা নলা নৰ্দমা সমূহ মেৰামতি নকৰাৰ ফলতে টংলাৰ দৰে ওখ ঠাইতো সৃষ্টি হৈছে কৃতিম বানৰ।যা'ৰ ফলত দৈনিক টংলা থানা, আৰু সাপ্তাহিক বজাৰলৈ অহা যোৱা কৰা পথচাৰীৰ লগতে স্কুল ক'লেজলৈ অহা যোৱা কৰা ছাত্ৰ ছাত্ৰীয়ে বহু অসুবিধাৰ সন্মুখীন হ'ৱ লগা হৈছে।সেয়েহে অতি শীঘ্ৰে টংলা পৌৰসভাক পথছোৱাৰ লগতে নলা নৰ্দমা সমূহ মেৰামতি কৰিবলৈ আহ্বান জনাইছে স্থানীয় লোকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ