
কোকৰাঝাৰ, ২৫ মে (হি.স.)। শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযান।অভিযানত বাৰ্মিজ চুপাৰি সহ কণ্টেইনাৰ গাড়ী জব্দ।শিমূলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ সন্দিকৈ'ৰ নেতৃত্বত চলিছিল অভিযান।
শ্ৰীৰামপুৰত আৰক্ষীৰ নাকা তালাচীত নিশা অভিযান চলাই আৰ জে ৩২ জি ডি ৭২৬৮ নম্বৰৰ এখন কণ্টেইনাৰ ট্ৰাকৰ পৰা ৩০ বস্তা বাৰ্মিজ চুপাৰি সহ ট্ৰাক জব্দ।চালকক গ্ৰেপ্তাৰ।উত্তৰপ্ৰদেশৰ নাংলাকাসাল জিলাৰ সত্যেন্দ্ৰ কুমাৰ নামৰ চালকক আটক কৰিবলৈ সক্ষম হয়।বাৰ্মিজ চুপাৰি সমূহ বঙাইগাঁওৰ ভিতৰুৱা অঞ্চলৰ পৰা ট্ৰাকত বোজাই কৰি পশ্চিমবংগলৈ সৰবৰাহ কৰাৰ বাবে ৰাওনা হৈছিল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ