
নগাঁও, ২৫ মে (হি.স.)। ৰহাৰ চাপৰমুখত অঘটন৷ ৰে’লৰ খুন্দাত নিহত মহিলা৷ নিহত মহিলাগৰাকীৰ চাপৰমুখৰ নিকতৱৰ্তী ধলিজানৰ ভৱানী তামুলী ফুকন (৩২)৷
চাপৰমুখ জংচনৰ পুৰণা লেভেল ক্ৰচিং পাৰ হ’বলৈ লওঁতেই চলন্ত ৰে’লে খুন্দিয়াই থৈ যায় মহিলাগৰাকীক৷ ফলত থিতাতে নিহত হয় মহিলাগৰাকী৷ পিচত চাপৰমুখ ৰে’ল আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ