নগাঁৱৰ কচুৱাত বৃহৎ পৰিমানৰ গাঞ্জা জব্দ
নগাঁৱ, ২৫ মে (হি.স.)। নগাঁৱৰ কচুৱাত বৃহৎ পৰিমানৰ গাঞ্জা জব্দ ৷ কচুৱা আৰক্ষী থানাৰ সন্মুখত আৰক্ষীয়ে তালাচি চলাই থকা সময়তে গাঞ্জা সহ দুজন লোকক আটক কৰে ৷ ধৃত লোক দুজনক শিৱ দাস আৰু হুছেইন আলী বুলি চিনাক্ত কৰা হৈছে ৷ ধৃত লোক দুজনৰ পৰা প্ৰায় ৫ কেজি গাঞ
নগাঁৱৰ কচুৱাত বৃহৎ পৰিমানৰ গাঞ্জা জব্দ


নগাঁৱ, ২৫ মে (হি.স.)।

নগাঁৱৰ কচুৱাত বৃহৎ পৰিমানৰ গাঞ্জা জব্দ ৷ কচুৱা আৰক্ষী থানাৰ সন্মুখত আৰক্ষীয়ে তালাচি চলাই থকা সময়তে গাঞ্জা সহ দুজন লোকক আটক কৰে ৷ ধৃত লোক দুজনক শিৱ দাস আৰু হুছেইন আলী বুলি চিনাক্ত কৰা হৈছে ৷ ধৃত লোক দুজনৰ পৰা প্ৰায় ৫ কেজি গাঞ্জা আৰু এএছ ০২ এএম ৫০৪৭ নম্বৰৰ এখন পালচাৰ বাইক জব্দ কৰে আৰক্ষীয়ে ৷

আৰক্ষীৰ জেৰাত গাঞ্জা সৰবৰাহকাৰী দুজনে দিৰ্ঘদিনৰ পৰা জিলা খনৰ বিভিন্ন অঞ্চলত গাঞ্জাৰ ৰমৰমীয়া বেহা চলাই আছিল বুলি প্ৰকাশ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande