তামাৰহাটত বাৰিষা অহাৰ পূৰ্বে এজাক বৰষুণতে জাহিখহি গৈছে নৱনির্মিত ৰাষ্ট্ৰীয় ঘাইপথ
ধুবুৰী, ২৫ মে (হি.স.)। তামাৰহাটত বাৰিষা অহাৰ পূৰ্বে এজাক বৰষুণতে জাহিখহি গৈছে নৱনির্মিত ৰাষ্ট্ৰীয় ঘাইপথ । পানীৰ ঢলে উঠোৱাই নিলে তামাৰহাটৰ পৰা গ্ৰাহমপুৰলৈ অৱস্থিত পথৰ দুয়োকাষে । ঘাইপথৰ কাষত ঠায়ে ঠায়ে বৃহৎ গাত সৃষ্টি হোৱাত যিকোনো সময়তে সংঘটিত হব পাৰে
তামাৰহাটত বাৰিষা অহাৰ পূৰ্বে এজাক বৰষুণতে জাহিখহি গৈছে নৱনির্মিত ৰাষ্ট্ৰীয় ঘাইপথ


ধুবুৰী, ২৫ মে (হি.স.)। তামাৰহাটত বাৰিষা অহাৰ পূৰ্বে এজাক বৰষুণতে জাহিখহি গৈছে নৱনির্মিত ৰাষ্ট্ৰীয় ঘাইপথ । পানীৰ ঢলে উঠোৱাই নিলে তামাৰহাটৰ পৰা গ্ৰাহমপুৰলৈ অৱস্থিত পথৰ দুয়োকাষে । ঘাইপথৰ কাষত ঠায়ে ঠায়ে বৃহৎ গাত সৃষ্টি হোৱাত যিকোনো সময়তে সংঘটিত হব পাৰে দুৰ্ঘটনা । নির্মাণকাৰী সংস্থাৰ বিৰুদ্ধে নিম্নমানৰ কাম কৰাৰ অভিযোগ ।

বৰষুণৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত পৰা পানী ওলাই যোৱাৰ বাবে নিৰ্মান কৰা প্ৰতিটো স্থানে পানীৰ ঢলে উঠোৱাই নিয়ে । উল্লেখ্য যে শ্ৰীৰামপুৰৰ পৰা ধুবুৰী-ফুলবাৰী দলঙলৈ নৱনির্মিত ১২৭ (বি) ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণকাৰী সংস্থা জে ইন্ফ্ৰাটেক প্ৰাইভেট লিমিটেডৰ বিষয় ববীয়াৰ লগত নিম্নমানৰ কাম সম্পৰ্কে অৱগত কৰিলে ৰাইজক প্ৰশাসনৰ ভয় ভাবুকি দি কণ্ঠ ৰোধৰ চেষ্টা । এই ক্ষেত্ৰত বিভাগীয় কতৃপক্ষয়ো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ । ইয়াৰ ওপৰিও ৰাষ্ট্ৰীয় ঘাইপথৰ কেইবাটাও স্থানত বিসংগতি পূৰ্ণভাৱে নিৰ্মান কৰাৰ অভিযোগ । ৰাইজৰ কৰ কাতলৰ ধনেৰে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ধন আবণ্টন দিছে যদিও নিম্নমানৰ কাম কৰি আবণ্টিত ধন হৰলুকী কৰাৰ অভিযোগ নির্মাণকাৰী সংস্থাৰ বিৰুদ্ধে । জৰাজীৰ্ণ অংশ সমূহ মেৰামতি কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ সম্পৰ্কে সংস্থাটোৰ বিৰুদ্ধে তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande