
বাক্সা, ২৫ মে (হি.স.)।
বাক্সাত ক্ৰমাৎ বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাৎ।জিলা খনৰ উত্তৰ অঞ্চলৰ ঠালকুছি, মাদালটানা, গেৰুৱা, নবস্তি, সুৱনখাটা, কদমতলা আদি অঞ্চলত প্ৰ্তিদিনে উপদ্ৰৱ চলাইছে বন্যহস্তীয়ে।
আজি পাচ বছৰ ধৰি বন্যহস্তীয়ে উপদ্ৰৱ চলাই বাৰীৰ মুল্যবান গছ তামুল, নাৰিকল ,কলগছ আদি ভাঙি চুৰ্ন বিচুৰ্ণ কৰাৰ উপৰি ভডাল ঘৰ ভাঙি ধান ,চাউল খায় উপদ্ৰৱ চলোৱাত অতিষ্ঠ হৈ পৰিছে অঞ্চলবাসী ৰাইজ।যোৱা নিশা ও জিলা খনৰ বাগানপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত ঠালকুছি গাওৰ অৱসৰ প্ৰাপ্ত শিক্ষক মনমোহন বৰুৱাৰ ভডাল ঘৰ টো ভাঙি বন্যহস্তীয়ে সামগ্ৰী সমুহ ভাঙি চুৰ্ণ বিচুৰ্ণ কৰাৰ উপৰি তাত থকা ধান , চাউল খায় তহিলং কৰে।ইপিনে গাও খনৰ কেবাটাও পৰিয়ালৰ বাৰীৰ তামুল, কলগছ ৰ উপৰি মুল্যবান গছ ভাঙি চুৰ্ণ বিচুৰ্ণ কৰে।সন্ত্ৰাসিত গাও বাসীয়ে এতিয়া পৰিত্ৰাণ বিচাৰি বিভাগীয় কৰ্তৃপক্ষ তথ চৰকাৰক দাবী জনাইছে সোনকালে হাতী মানুহৰ সংঘাট দুৰ কৰাৰ বাবে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা