বিধানসভাত মহিলাৰ বাবে এক তৃতীয়াংশ আসন সংৰক্ষণৰ ব্যৱস্থা তৎক্ষণাৎ কাৰ্যকৰী কৰাৰ বাবে প্ৰস্তাৱ উত্থাপন মন্ত্ৰী অজন্তা নেওগৰ
গুৱাহাটী, ২৫ মে (হি.স.)। অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন দপ্তৰৰ মন্ত্ৰীঅজন্তা নেওগে আজি সদনত মহিলাৰ বাবে এক তৃতীয়াংশ আসন সংৰক্ষণৰ ব্যৱস্থা তৎক্ষণাৎ কাৰ্যকৰী কৰাৰ বাবে প্ৰস্তাৱ উত্থাপন কৰে। মন্ত্ৰী নেওগে প্ৰস্তাৱ উত্থাপন কৰি সদনত কয় যে মহিলাসকলক স
বিধানসভাত মহিলাৰ বাবে এক তৃতীয়াংশ আসন সংৰক্ষণৰ ব্যৱস্থা তৎক্ষণাৎ কাৰ্যকৰী কৰাৰ বাবে প্ৰস্তাৱ উত্থাপন মন্ত্ৰী অজন্তা নেওগৰ


গুৱাহাটী, ২৫ মে (হি.স.)। অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন দপ্তৰৰ মন্ত্ৰীঅজন্তা নেওগে আজি সদনত মহিলাৰ বাবে এক তৃতীয়াংশ আসন সংৰক্ষণৰ ব্যৱস্থা তৎক্ষণাৎ কাৰ্যকৰী কৰাৰ বাবে প্ৰস্তাৱ উত্থাপন কৰে। মন্ত্ৰী নেওগে প্ৰস্তাৱ উত্থাপন কৰি সদনত কয় যে মহিলাসকলক সদায় আমাৰ দেশত সন্মান জনায় আহিছে। ভাৰতৰ পূৰণি শাস্ত্ৰতো নাৰীক বন্দিত কৰা হৈছে। গতিকে নাৰী হৈছে মাতৃ স্বৰূপা। নাৰীৰ জীৱন পৰিক্ৰমা আমি সকলোৱে দেখিছে। কিন্তু আমি এইটোও দেখিছো যে কৌৰৱৰ ৰাজসভাত নাৰী অপমানিত হৈছিল। গতিকে নাৰীক আগবঢ়াই নিয়াৰ বাবে ৰাজনৈতিক তথা সামাজিক সদিচ্ছা লাগিব।

আমাৰ ৰাষ্ট্ৰ তথা ৰাজ্যৰ ৫০ শতাংশয়ে মহিলা। গতিকে মহিলাক আগবঢ়াই লৈ যাব লাগিব। নাৰীৰ ৰাজনৈতিক পৰিক্ৰমা শক্তিশালী ৰূপত দেখা নায়। পুৰুষ সকলৰ সমানে সমানে যাব পৰা নাই। ইয়াত হয়তো সামাজিক শৈক্ষিক আৰু মানসিক বাধা বাধকতাও হব পাৰে। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ২০২৩ চনত নাৰী শক্তি বন্দন অধিনিয়ম আইনখন সদনত দাখিল কৰিছিল আৰু সদনত সকলো দলৰ সকলো সদস্যই এই আইনখনক সমৰ্থন দিছিল আৰু আইনখন পাৰিত হৈছিল। ২০২৬ চনৰ ১৬ এপ্ৰিলত সংবিধান সংশোধনী আইনখন পুনৰ উপস্থাপন কৰা হৈছিল। দুটা দিন ধৰি বিতৰ্কৰ পিছতো এই বিলখন পাছ নহল। লগে লগে ৰাজনীতিত মহিলাসকলৰ ৩৩ শতাংশ ৰিজাৰ্ভেশ্বনৰ আশাতো চেচাপানী ঢালিলে। গতিকে এই বিধানসভাত সৰ্বসন্মতিভাৱে এই প্ৰস্তাৱটো গৃহীত হোৱাটো বিচাৰো বুলিও মন্ত্ৰী নেওগে কয়।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande