

গুৱাহাটী, ২৫ মে (হি.স.)। ক্ষেত্ৰীৰ সলনাত চুৰিকাণ্ডৰ ঘটনা! সুৰুঙা বুজি চোৰে উদং কৰিলে এজন লোকৰ ঘৰৰ সম্পদ। লণ্ড-ভণ্ড কৰি লুটপাত চলালে সলনাৰ মিথুন মজুমদাৰৰ গৃহ!
নগদ ধনসহ লুটি নিলে কেইবা লাখ টকাৰ সোণৰ আ-অলংকাৰ। ক্ষেত্ৰীত সংঘটিত এই চুৰিকাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ক্ষেত্ৰীৰ সলনাত চোৰে তহিলং কৰিলে মিথুন মজুমদাৰ নামৰ এজন লোকৰ বাসগৃহ। পৰিয়ালটো ঘৰত নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে আলমিৰা ভাঙি লুটি লৈ গ’ল নগদ ১ লাখ ২০ হাজাৰ টকাৰ লগতে কেইবা লাখ টকাৰ সোণৰ আ-অলংকাৰ।
এসপ্তাহৰ বাবে আত্মীয়ৰ ঘৰলৈ যোৱাই কাল হ’ল পৰিয়ালটোৰ বাবে। ঘটনা অনুসৰি, ক্ষেত্ৰীৰ সলনা নিবাসী মিথুন মজুমদাৰৰ পৰিয়ালটো বিগত প্ৰায় এটা সপ্তাহ ধৰি লংকাৰ আত্মীয়ৰ ঘৰলৈ গৈছিল। ঘৰত তলা ওলমি থকাৰ সুযোগ লৈ চোৰে চলাই এই সম্পত্তি লুটৰ অভিযান। আজি যেতিয়া পৰিয়ালটোৱে ঘৰলৈ ঘূৰি আহে, তেতিয়াই তেওঁলোকৰ চকু কপালত উঠে। ঘৰত প্ৰৱেশ কৰাত প্ৰত্যক্ষ কৰে ভিতৰৰ সকলো সা-সামগ্ৰী লণ্ড-ভণ্ড
চোৰৰ এই দুঃসাহসিক কাণ্ডই এতিয়া সমগ্ৰ অঞ্চলটোতে তীব্ৰ আতংকৰ সৃষ্টি কৰিছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীক অৱগত কৰা হৈছে আৰু আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
হিন্দুস্থান সমাচাৰ / Narayan Kar