
ধৰ্মশালা, ২৫ মে’(হি.স.)। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৬ৰ যাত্ৰা চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। কোৱালিফায়াৰ আৰু এলিমিনেটৰৰ বাবে নিৰ্বাচিত হৈছে চাৰিটা দল। প্ৰথমখন কোৱালিফায়াৰত ২৬ মে’ত বিশ্বৰ অন্যতম ধুনীয়া ক্ৰিকেট ষ্টেডিয়াম ধৰ্মশালাৰ এইচ পি চি এ ষ্টেডিয়ামত আৰ চি বি আৰু গুজৰাট টাইটানছৰ মুখামুখি হ’ব। দুয়োটা দল এই ছিজনৰ শীৰ্ষ দলৰ ভিতৰত আছে। কাইলৈ অৰ্থাৎ মঙলবাৰে ধৰ্মশালাত সন্ধিয়া ৭:৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব কোৱালিফায়াৰ ১। ধৰ্মশালাৰ বিজয়ী দলটোৱে পোনপটীয়াকৈ ফাইনেললৈ আগবাঢ়িব, যিটো ৩১ মে’ত গুজৰাটৰ আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। পৰাজিত দলটোৱে দ্বিতীয়বাৰৰ বাবে ফাইনেলত প্ৰৱেশৰ সুযোগ লাভ কৰিব।
ধৰ্মশালাৰ এই মেচখন ব্লকবাষ্টাৰ হ’ব। এই মহাকাব্যিক সংঘৰ্ষ আয়োজন কৰিবলৈ ষ্টেডিয়ামখন সম্পূৰ্ণৰূপে সাজু হৈছে আৰু ক্ৰিকেট অনুৰাগীসকলে ইতিমধ্যে প্ৰচণ্ড উত্তেজনা অনুভৱ কৰিছে।
ধৰ্মশালাত অনুষ্ঠিত এই মেচখনৰ পূৰ্বেও আৰ চি বিৰ তাৰকা বেটছমেন বিৰাট কোহলীৰ উন্মাদনা আকাশলংঘী। পইণ্ট তালিকাত প্ৰথম স্থানত থকা আৰ চি বিয়ে এই ছিজনৰ দ্বিতীয়খন মেচ ধৰ্মশালাত খেলিছে। শেহতীয়াকৈ ১৭ মে’ত আৰচিবি পঞ্জাৱ কিংছ একাদশৰ দ্বিতীয়খন ঘৰুৱা খেলপথাৰ ধৰ্মশালাত লীগ মেচৰ বাবে আছিল, য’ত তেওঁলোকে আয়োজক পঞ্জাবক পৰাস্ত কৰিছিল। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বৃহৎ সংখ্যক অনুৰাগীয়ে কোহলীক উৎসাহিত কৰিবলৈ ধৰ্মশালালৈ ভিৰ কৰে। কোহলী আৰু তেওঁৰ দলটোৱে পুনৰবাৰ ধৰ্মশালাৰ উপত্যকাত উপস্থিত হোৱাৰ সময়তে পুনৰবাৰ ভৰ্তি হৈ পৰিছে ধৰ্মশালা। বিৰাট কোহলীৰ ফেন ফ’ল’ৱাৰ ইমানেই শক্তিশালী যে হিমাচল প্ৰদেশৰ লগতে চুবুৰীয়া ৰাজ্য পঞ্জাৱ, হাৰিয়ানা, দিল্লীৰ অনুৰাগীয়ে তেওঁৰ লাইভ খেল চাবলৈ বৃহৎ সংখ্যক ধৰ্মশালালৈ ভিৰ কৰিছে।
ধৰ্মশালাৰ শীতল বতাহ আৰু ধৌলাধৰ পিটচ বুজিবলৈ সোমবাৰে সন্ধিয়া দুয়ো দলে ষ্টেডিয়ামত উপস্থিত হৈ নেটত পৰিশ্ৰম কৰে।
এই ডাঙৰ মেচখনৰ সন্দৰ্ভত মাত্ৰ এসপ্তাহৰ আগতে ইয়াত এখন মেচ খেলা আৰ চি বিয়ে পৰিস্থিতিৰ বিষয়ে ভালদৰেই জানে। ফলস্বৰূপে ছিজনৰ প্ৰথমখন মেচ খেলি থকা গুজৰাট টাইটানছৰ কিছু হেঁচা পৰিব পাৰে। অৱশ্যে এই ছিজনত গুজৰাট টাইটানছৰ যুৱ বেটছমেন ছাই সুদৰ্শন আৰু অধিনায়ক শুবমান গিল উৎকৃষ্ট ফৰ্মত আছে, যিয়ে আৰচিবিৰ বলাৰসকলৰ বাবে এক উল্লেখযোগ্য প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।
আনহাতে, এই দ্ৰুত আৰু বাউন্সি ধৰ্মশালা পিটচত আৰ চি বিৰ ৰাণ মেচিন বিৰাট কোহলীৰ বিশাল অভিজ্ঞতাই বেংগালুৰুৰ বাবে আটাইতকৈ ডাঙৰ ‘এক্স ফেক্টৰ’ হিচাপে প্ৰমাণিত হ’ব। এই খেলপথাৰত বেংগালুৰুৰ শেহতীয়া অভিজ্ঞতাইও ফাইনেলত স্থান নিশ্চিত কৰিব বুলি আশা কৰা হৈছে। মুঠৰ ওপৰত কাইলৈ অৰ্থাৎ মঙলবাৰৰ এই মেচখন দুয়োটা দলৰ মাজত অতি ৰোমাঞ্চকৰ প্ৰতিযোগিতা হ’ব বুলি আশা কৰা হৈছে।
ডাঙৰ মেচখনৰ বাবে ধৰ্মশালা আৰু ইয়াৰ আশে-পাশে থকা হোটেলবোৰ ভৰ্তি
ক্ৰিকেট অনুৰাগীসকল এই বৃহৎ মেচখনক লৈ উৎফুল্লিত হৈ পৰিছে। বিশেষকৈ আৰ চি বি দলৰ হৈ খেলা খেল চাবলৈ বিৰাট কোহলীৰ বৃহৎ সংখ্যক অনুৰাগীয়ে ধৰ্মশালালৈ ভিৰ কৰাৰ সম্ভাৱনা আছে। এই বৃহৎ খেলখন উপভোগ কৰিবলৈ হিমাচল প্ৰদেশকে ধৰি চুবুৰীয়া ৰাজ্যৰ বহু সংখ্যক ক্ৰিকেট অনুৰাগীয়ে ধৰ্মশালালৈ ভিৰ কৰিছে। ইতিমধ্যে এই ছিজনত ধৰ্মশালাত তিনিখন মেচ অনুষ্ঠিত হৈছে, যাৰ ফলত স্থানীয় হোটেল আৰু অন্যান্য পৰ্যটন উদ্যোগৰ যথেষ্ট উপকাৰ হৈছে। ফলস্বৰূপে ধৰ্মশালা, মেকলিয়ডগঞ্জ, আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ হোটেল আৰু অতিথিশালাসমূহ এই ডাঙৰ মেচখনৰ বাবে সম্পূৰ্ণ বুকিং হৈ আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া