সন্ত্ৰাসবাদী পুঁজিৰ তদন্তৰ সৈতে জড়িত কাশ্মীৰ উপত্যকাৰ একাধিক স্থানত এন আই এৰ অভিযান
শ্ৰীনগৰ, ২৫ মে’ (হি.স.)। কাশ্মীৰ উপত্যকাত চলি থকা সন্ত্ৰাসবাদী পুঁজিৰ তদন্তৰ সৈতে জড়িত ৰাষ্ট্ৰীয় তদন্ত সংস্থা (এনআইএ)ই সোমবাৰে কেইবাটাও স্থানত অভিযান চলায়। এজন আৰক্ষী বিষয়াই জনোৱা মতে, সন্ত্ৰাসবাদী নেটৱৰ্ক, ভূগৰ্ভস্থ শ্ৰমিক, আৰু সন্দেহযুক্ত সন্
সন্ত্ৰাসবাদী পুঁজিৰ তদন্তৰ সৈতে জড়িত কাশ্মীৰ উপত্যকাৰ একাধিক স্থানত এন আই এৰ অভিযান


শ্ৰীনগৰ, ২৫ মে’ (হি.স.)। কাশ্মীৰ উপত্যকাত চলি থকা সন্ত্ৰাসবাদী পুঁজিৰ তদন্তৰ সৈতে জড়িত ৰাষ্ট্ৰীয় তদন্ত সংস্থা (এনআইএ)ই সোমবাৰে কেইবাটাও স্থানত অভিযান চলায়। এজন আৰক্ষী বিষয়াই জনোৱা মতে, সন্ত্ৰাসবাদী নেটৱৰ্ক, ভূগৰ্ভস্থ শ্ৰমিক, আৰু সন্দেহযুক্ত সন্ত্ৰাসবাদী পুঁজিৰ কাৰ্য্যকলাপৰ ওপৰত চলোৱা অভিযানৰ অংশ হিচাপে শ্ৰীনগৰ আৰু উপত্যকাৰ অন্যান্য জিলাত এই অভিযান চলোৱা হৈছিল।

সূত্ৰসমূহে জনোৱা মতে, শ্বপিয়ান আৰু শ্ৰীনগৰৰ ইমাম চাহাব অঞ্চলৰ নিষিদ্ধ জৈছ-ই-মহম্মদ (জেএম)ৰ সৈতে জড়িত মছজিদ ছিৰাজ-উল-উলুমতো অভিযান চলোৱা হয়। বিষয়াগৰাকীয়ে জনোৱা মতে, জম্মু-কাশ্মীৰ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ সহযোগত এন আই এৰ দলসমূহে স্থানসমূহত তালাচী চলাই আছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande