পথ নিৰ্মাণৰ নামত ঠিকাদাৰৰূপী আক্ৰাছু নেতাৰ লুণ্ঠন
বঙাইগাঁও, ২৫ মে (হি.স.)। বঙাইগাঁও জিলাৰ মালিপাৰাৰ পৰা পাখিৰিৰতলৈ ১ কি.মি. দৈৰ্ঘ্যৰ ''মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনি''ৰ অধিনত ২০২৩-২৪ বৰ্ষত আৱন্তন হৈছিল ৭৫.০৭ লাখ টকাৰ এটা পথ । কেৱল ৫০% শিল-বালি চতিয়াই পথটোৰ দায়িত্ব সামৰিলে ঠিকাদাৰৰূপী বঙাইগাঁও
পথ নিৰ্মাণৰ নামত ঠিকাদাৰৰূপী আক্ৰাছু নেতাৰ লুণ্ঠন


বঙাইগাঁও, ২৫ মে (হি.স.)। বঙাইগাঁও জিলাৰ মালিপাৰাৰ পৰা পাখিৰিৰতলৈ ১ কি.মি. দৈৰ্ঘ্যৰ 'মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনি'ৰ অধিনত ২০২৩-২৪ বৰ্ষত আৱন্তন হৈছিল ৭৫.০৭ লাখ টকাৰ এটা পথ । কেৱল ৫০% শিল-বালি চতিয়াই পথটোৰ দায়িত্ব সামৰিলে ঠিকাদাৰৰূপী বঙাইগাঁও জিলা আক্ৰাছুৰ সভাপতি সঞ্জীৱ কুমাৰ ৰায়ে ।

বৰ্তমান কেইবাখনো গাঁৱৰ গুৰুত্বপূৰ্ণ পথটোৱে জ্বলা-কলা খুৱাইছে স্থানীয় ৰাইজক । বাৰিষাৰ সময়ত স্কুল-কলেজৰ ছাত্র-ছাত্ৰীকে ধৰি আপদকালীন সেৱাৰ পৰাও বঞ্চিত হ'বলগীয়া হৈছে গাঁওবাসী । পথটোৰ কাম সম্পন্ন নোহোৱা বাবে স্থানীয় ৰাইজে ঠিকাদাৰৰ বিৰুদ্ধে বঙাইগাঁও জিলা আয়ুক্তক লিখিত অভিযোগ কৰিছিল যদিও গুৰুত্ব নিদিয়ে আয়ুক্ত গৰাকীয়ে । সেয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ৰাইজে দাবী কৰিছে অতি শীঘ্ৰে পথটোৰ নিৰ্মাণৰ কাম সম্পন্ন কৰিব লাগে আৰু ঠিকা লাভ কৰা সঞ্জীৱ কুমাৰ ৰায়ৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande