ৰঙিয়াত উপহাৰ কুপন খেলৰ চাৰিজন টিকট বিক্ৰেতাক আটক
কামৰূপ, ২৫মে (হি.স.)। কামৰূপ জিলাৰ নগৰবেৰাৰ ৰঙাপানী জাতীয় বিদ্যালয়ৰ উন্নয়নৰ নামত উপহাৰ কুপন খেল অনুষ্ঠিত কৰি ৰাইজৰ পৰা ধন বে-আইনীভাৱে সংগ্ৰহ কৰাৰ চেষ্টা চলোৱা চক্ৰৰ সৈতে জৰিত চাৰিজনকৈ লোকক আটক কৰে ৰঙিয়া আৰক্ষীয়ে। গোপন সূত্ৰৰ অভিযোগৰ ভিত্তিত ৰঙ
ৰঙিয়াত উপহাৰ কুপন খেলৰ চাৰিজন টিকট বিক্ৰেতাক আটক


কামৰূপ, ২৫মে (হি.স.)। কামৰূপ জিলাৰ নগৰবেৰাৰ ৰঙাপানী জাতীয় বিদ্যালয়ৰ উন্নয়নৰ নামত উপহাৰ কুপন খেল অনুষ্ঠিত কৰি ৰাইজৰ পৰা ধন বে-আইনীভাৱে সংগ্ৰহ কৰাৰ চেষ্টা চলোৱা চক্ৰৰ সৈতে জৰিত চাৰিজনকৈ লোকক আটক কৰে ৰঙিয়া আৰক্ষীয়ে। গোপন সূত্ৰৰ অভিযোগৰ ভিত্তিত ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই এম.আৰ. এম. উন্নয়ন সমিতিৰ সৌজন্যত অনুষ্ঠিত হবলগা উপহাৰ কুপন খেলৰ চাৰিজনকৈ টিকট বিক্ৰেতাক আটক কৰে।

বিভাগীয় কতৃপক্ষৰ বৈধ অনুমতি অবিহনে এই খেল অনুষ্ঠিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে ৰঙিয়া আৰক্ষী থানাৰ উপ-পৰিদৰ্শক দিপাংকৰ বৰদলৈয়ে চলোৱা অভিযানত ক্ৰমে মিজানুৰ ৰহমান, আমিৰ হামজা, ৰবিউল হক আৰু নাদিৰ চালমক উপহাৰ কুপনসহ ৰঙিয়াৰ হাইৱে চ'কত ৰঙিয়া আৰক্ষীৰ জালত পৰে।

ৰঙাপানী, নগৰবেৰা আদিৰ পৰা ৰঙিয়া লৈ এই উপহাৰ কুপন বিলাবলৈ আহিছিল ধৃত চাৰিজন লোকে। ৰঙিয়াৰ উদিয়ানাৰ এজন লোকৰ ওচৰলৈ এই টিকট বিক্ৰী কৰি দিয়াৰ বাবে আহিছিল ধৃত চাৰিজন লোকে।

অভিযান কালত উপহাৰ কুপন,মোবাইল ফোন , নগদ ধন আৰু এখন ৰঙা ৰঙৰ নম্বৰ প্লেটবিহীন ছুইফট বাহনো জব্দ কৰে আৰক্ষীয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande