
শিৱসাগৰ, ২৫ মে (হি.স.)। শিৱসাগৰ জিলাৰ নাজিৰাত গুলী চালনাৰ ঘটনা।গুলী চালনাত গুৰুতৰভাবে আহত এজন ব্যক্তি।আন দুজন ব্যক্তিক অপহৰণৰ সন্দেহ।
শিৱসাগৰ জিলাৰ নাজিৰাৰ মলা গাৱত এখন বলেৰ গাড়ীত পূৰ্বৰে পৰা খাপ পিটি থকা এটা ঘাতকৰ দলে ৰিতু গগৈ(৩০) নামৰ ব্যক্তি গৰাকীলৈ চাৰি জাঁই গুলী নিক্ষেপ কৰাৰ লগতে একেখন বাইকত উঠি অহা ক্ষিপ্ৰ প্ৰতীম গগৈ(২৬) নামৰ যুৱকজনৰ লগতে আন এখন বাইকত উঠি অহা এজন ব্যক্তিক অপহৰণৰ কৰা বুলি সন্দেহ কৰা হৈছে।ৰিতু গগৈ,ক্ষিপ্ৰ গগৈ আৰু আনজন যুৱক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ আহি থকা বুলি জানিব পৰা গৈছে।ঘটনাৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।আহত ৰিতু গগৈক গুৰুতৰ অৱস্থাত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।জিলা আৰক্ষী অধীক্ষক পাপৰি গগৈ সহ এক বৃহৎ শিৱসাগৰ আৰক্ষীৰ দল শিৱসাগৰ অসামৰিক চিকিৎসালয়ত উপস্থিত।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ