
কামৰূপ, ২৫ মে (হি.স.)। ৰাজ্যত পুনৰ উপহাৰ কুপন খেল অনুষ্ঠিত কৰাক লৈ ভয়ংকৰ জালিয়াতিৰ অভিযোগ।এইবাৰ ঘটনাৰ স্থান ৰঙাপানী।জাতীয় বিদ্যালয়ৰ উন্নয়নৰ নামত এই খেল অনুষ্ঠিত কৰি ৰাইজৰ ধন বে-আইনীভাৱে সংগ্ৰহ কৰাৰ চেষ্টা চলাইছিল এই চক্ৰটোৱে।এক গোপন সূত্ৰৰ অভিযোগৰ ভিত্তিত ৰঙিয়া আৰক্ষীৰ অতৰ্কিতে অভিযান। এম.আৰ. এম. উন্নয়ন সমিতিৰ সৌজন্যত উপহাৰ কুপন খেল অনুষ্ঠিত কৰাৰ নামত জালিয়াতি। বিভাগীয় কতৃপক্ষৰ বৈধ অনুমতি অবিহনে এই খেল অনুষ্ঠিত কৰাৰ গুৰুতৰ অভিযোগ।
ৰঙিয়া আৰক্ষী থানাৰ উপ-পৰিদৰ্শক দিপাংকৰ বৰদলৈয়ে চলোৱা এই অভিযানত আটক চাৰিজনকৈ লোক।ৰঙিয়া আৰক্ষীৰ নৱ-নিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত চলে এই অভিযান।অৱশেষত ক্ৰমে মিজানুৰ ৰহমান, আমিৰ হামজা, ৰবিউল হক আৰু নাদিৰ চালম নামৰ এই চাৰিজন ৰঙিয়া আৰক্ষীয়ে ৰঙিয়া হাইৱে চ'কৰ পৰা উপহাৰ কুপন সহ গ্ৰেপ্তাৰ কৰে।ৰঙাপানী,নগৰবেৰা আদিৰ পৰা ৰঙিয়া লৈ এই উপহাৰ কুপন বিলাবলৈ আহিছিল ধৃত এই চাৰিজন লোকে।ৰঙিয়াৰ উদিয়ানাৰ কোনো ৰাজা নামৰ এজন লোকক এই টিকট বিক্ৰী কৰি দিবলৈ দিব আহিছিল এই ধৃত চাৰিজন লোকে।এই চাৰিজন লোকৰ পৰা বান্দিলে বান্দিলে উপহাৰ কুপন, কেবাটাও মোবাইল ফোন, বুজন পৰিমাণৰ নগদ ধন, এখন ৰঙা ৰঙৰ নম্বৰ প্লেটবিহীন Swift বাহন আদি জব্দ কৰিছে আৰক্ষীয়ে।অনৈতিক কাৰ্যকলাপ কৰিবলৈয়ে যেন গাড়ীৰ নম্বৰ প্লেট ঘৰত ৰাখি এইদৰে নম্বৰ প্লেটবিহীনভাৱে ৰাজপথত ওলাই আহে মিজানুৰ সহ তেওঁৰ সংগীয়ে।কিন্তু এই কাৰবাৰ কেতিয়ালৈ?এটা বিশেষ সম্প্ৰদায়ৰ এইসকল লোকৰ কিয় এই মৰসাহ?কাৰ বলত বলিয়ান এইসকল লোক?এই ঘটনাৰ পাছতে সেয়া যথেষ্ট এক তাৎপৰ্যপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ