ৰূপহীহাটত হৰিণা পহু উদ্ধাৰ
নগাঁও, ২৫ মে (হি.স.)। ৰূপহীহাটৰ কাছখাইটীত হৰিণা পহু উদ্ধাৰ । কৃষকে পথাৰত ধান কাটিবলৈ যাওঁতে প্ৰত্যক্ষ কৰে হৰিণা পহুটোক। লগে লগেই স্থানীয় ৰাইজ একত্ৰিত হৈ হৰিণা পশুটোক উদ্ধাৰ কৰি খবৰ দিয়ে বন বিভাগত। ঘটনাস্থলীত বনবিভাগৰ লোক উপস্থিত হৈ হৰিণা পহুট
ৰূপহীহাটত হৰিণা পহু উদ্ধাৰ


নগাঁও, ২৫ মে (হি.স.)। ৰূপহীহাটৰ কাছখাইটীত হৰিণা পহু উদ্ধাৰ ।

কৃষকে পথাৰত ধান কাটিবলৈ যাওঁতে প্ৰত্যক্ষ কৰে হৰিণা পহুটোক।

লগে লগেই স্থানীয় ৰাইজ একত্ৰিত হৈ হৰিণা পশুটোক উদ্ধাৰ কৰি খবৰ দিয়ে বন বিভাগত।

ঘটনাস্থলীত বনবিভাগৰ লোক উপস্থিত হৈ হৰিণা পহুটোক উদ্ধাৰ কৰি লাওখোৱা অভয়াৰণ্যত মুকলি কৰি দিয়ে।

বনদস্য়ুৰ কবলত পৰি অসমৰ প্ৰায়বোৰ বনাঞ্চল সংকুচিত হৈ অহাৰ লগে লগে খাদ্য়ৰ সন্ধানত এইদৰে বিভিন্ন জীৱ জন্ত খেতিপথাৰ অথবা মানুহৰ জনবসতী পুৰ্ণ অঞ্চলত সঘনে প্ৰৱেশ কৰা বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পায়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande