
চিৰাঙ, ২৫ মে (হি.স.)।
চিৰাঙৰ বিজনীত সোমবাৰে চিপিআই(এম) -ৰ বিজনী লোকেল কমিটীৰ উদ্যোগত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়িত হয় ।
পেট্ৰ'ল, ডিজেল, ৰন্ধন গেছৰ বৰ্ধিত মূল্য প্ৰত্যাহাৰ কৰা, খাদ্য সামগ্ৰীসহ সকলো অত্যাৱশকীয় সামগ্ৰী, জীৱনদায়িনী ঔষধৰ মূল্যবৃদ্ধি ৰোধ কৰা আৰু ৰন্ধন গেছৰ নাটনি আঁতৰ কৰাৰ দাবীত চিপিআই(এম)ৰ বিজনী লোকেল কমিটীৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়িত হয় এই প্ৰতিবাদী কাৰ্যসূচী।
এই প্ৰতিবাদী কাৰ্যসূচীত চিপিআই(এম)ৰ ৰাজ্যিক সম্পাদক মণ্ডলীৰ সদস্য গজেন বৰ্মন, বঙাইগাঁও-চিৰাং জিলা কমিটীৰ সাধাৰণ সম্পাদক পৰিমল চক্ৰৱৰ্তী, জিলা কমিটীৰ সদস্য শুভংকৰ ঘোষ সহ প্ৰতিবাদী সকলে বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা