
বৰপেটা, ২৫ মে (হি.স.)। পেট্ৰ’ল, ডিজেল আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে চি পি আই (এম)ৰ প্ৰতিবাদ |
বৰপেটা জিলা আয়ুক্তৰ জৰিয়তে প্রধানমন্ত্রীলৈ স্মাৰক পত্ৰ প্ৰেৰণ চিপিআইএমৰ |
প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰত দলটোৱে অভিযোগ কৰে যে নিৰ্বাচনৰ পিছতেই ইন্ধন আৰু গেছৰ দাম সঘনাই বৃদ্ধি কৰি সাধাৰণ জনতাক আৰ্থিক সংকটত পেলোৱা হৈছে।
দলটোৱে কয় যে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ ফলত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দামো বৃদ্ধি পাইছে। লগতে কেন্দ্র আৰু ৰাজ্য চৰকাৰে আৰোপ কৰা কৰ হ্ৰাস কৰি মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবী জনায় চি পি আই (এম)-এ।
চি পি আই (এম)-এ আৰু উল্লেখ কৰে যে আন্তর্জাতিক বজাৰত অশোধিত খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ সময়তো দেশত ইন্ধনৰ মূল্য কমোৱা হোৱা নাছিল। সেয়েহে বর্তমান মূল্যবৃদ্ধিৰ যুক্তি গ্রহণযোগ্য নহই বুলি মন্তব্য কৰি দলটোৱে অবিলম্বে মূল্যবৃদ্ধি ৰদ কৰি সাধাৰণ জনতাক সকাহ দিয়াৰ আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা