
নতুন দিল্লী, ২৫ মে’ (হি.স.)। লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰে একেৰাহে চতুৰ্থবাৰৰ বাবে পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি কৰি মানুহৰ পকেট কৰ্তন কৰাৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ কয় যে নিৰ্বাচনৰ পিছত মোডী চৰকাৰে ইন্ধনৰ মূল্য ধাৰাবাহিকভাৱে বৃদ্ধি কৰি জনসাধাৰণৰ ওপৰত বোজা জাপি দিছে।
এক্সত ৰাহুল গান্ধীয়ে লিখিছে যে মুদ্ৰাস্ফীতিই পুনৰ আক্ৰমণ কৰিছে। গোপনে মানুহৰ পকেট কাটি থাকিবলৈ কিস্তিত পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি কৰা হৈছে। তেওঁ অভিযোগ কৰে যে কেইবামাহো ধৰি অৰ্থনৈতিক ধুমুহাৰ সতৰ্কবাণী দি আহিছিল যদিও প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনত ব্যস্ত হৈ পৰিল আৰু নিৰ্বাচন শেষ হোৱাৰ লগে লগে পেট্ৰল-ডিজেলৰ মূল্য আঠ টকা বৃদ্ধি কৰিলে। তেওঁ কয় যে এই বৃদ্ধি অব্যাহত থাকিব আৰু মোডী চৰকাৰৰ একমাত্ৰ কাম হ’ল নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিয়া আৰু বাকী সময় জনসাধাৰণৰ পকেটত আক্ৰমণ কৰা।
যোৱা এমাহত একেৰাহে চতুৰ্থবাৰৰ বাবে পেট্ৰ’ল, ডিজেল, চিএনজি, এলপিজিৰ মূল্য বৃদ্ধি পাইছে। ২৫ মে’ত দিল্লীত পেট্ৰ’ল প্ৰতি লিটাৰত ১০২.১২ ₹ আৰু ডিজেল প্ৰতি লিটাৰত ৯৫.২০ ₹ হয়। ইয়াৰ পূৰ্বে ২৩ মে’ত পেট্ৰ’লৰ মূল্য ৮৭ পইচা আৰু ডিজেলৰ মূল্য ৯১ পইচা বৃদ্ধি কৰাত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৯৯.৫১₹ আৰু ডিজেলৰ মূল্য ৯২.৪৯₹ প্ৰতি লিটাৰলৈ বৃদ্ধি পায়। ১৮ মে’ত পেট্ৰ’লৰ মূল্যও বৃদ্ধি পাইছিল। পেট্ৰ’ল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত প্ৰায় ৯০ পইচা বৃদ্ধি পাইছিল, আৰু চিএনজিৰ মূল্যও প্ৰতি কিলোগ্ৰামত ১₹১ বৃদ্ধি পাইছিল। ইয়াৰ পূৰ্বে ১৫ মে’ত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৩ টকাকৈ বৃদ্ধি পাইছিল আৰু চিএনজিৰ মূল্যও প্ৰতি কিলোগ্ৰামত ২ টকা বৃদ্ধি পাইছিল। আৰু প্ৰথমে ১ মে’ত এটা বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য ₹৯৯৩ বৃদ্ধি কৰি দিল্লীত ইয়াৰ মূল্য ৩,০৭১.৫০ ₹লৈ বৃদ্ধি পালে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া