পেট্ৰল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ ওপৰত কংগ্ৰেছৰ আক্ৰমণ
নতুন দিল্লী, ২৫ মে’ (হি.স.)। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে পেট্ৰ’ল-ডিজেলৰ মূল্য ধাৰাবাহিকভাৱে বৃদ্ধি পোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণৰ ওপৰত অৰ্থনৈতিক বোজা জাপি দিছে বুলি অভিযোগ উত্থাপন কৰিছে । তেওঁ এক্সত কয় যে যোৱা ১০ দিনত ইন্ধনৰ দাম চ
Mallikarjun Kharge


নতুন দিল্লী, ২৫ মে’ (হি.স.)। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে পেট্ৰ’ল-ডিজেলৰ মূল্য ধাৰাবাহিকভাৱে বৃদ্ধি পোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণৰ ওপৰত অৰ্থনৈতিক বোজা জাপি দিছে বুলি অভিযোগ উত্থাপন কৰিছে । তেওঁ এক্সত কয় যে যোৱা ১০ দিনত ইন্ধনৰ দাম চতুৰ্থবাৰৰ বাবে বৃদ্ধি হোৱাৰ ফলত সাধাৰণ মানুহৰ সঞ্চয়ত প্ৰত্যক্ষ প্ৰভাৱ পৰিছে।

খৰ্গে কয় যে বিগত কিছুদিনত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৭.৩৫ টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৭.৫৩ টকা বৃদ্ধি পাইছে। চৰকাৰৰ নীতিয়ে সাধাৰণ মানুহৰ সঞ্চয়ত প্ৰভাৱ পেলাইছে। চৰকাৰে মানুহৰ সঞ্চিত ধন লুটি লৈছে। আন্তঃৰাষ্ট্ৰীয় খাৰুৱা তেলৰ মূল্যৰ উদ্ধৃতি দি তেওঁ দাবী কৰে যে বিশ্বজুৰি মূল্যবৃদ্ধিৰ আশা কৰা হোৱা নাই। ইয়াৰ পিছতো ঘৰুৱা বজাৰত বৃদ্ধি পাইছে ইন্ধনৰ মূল্য।

কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ২০১৪ চনৰ তুলনাত পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ কথাও উল্লেখ কৰি কয় যে মধ্যবিত্ত শ্ৰেণী, কৃষক আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande