
কামৰূপ,২৫ মে (হি.স.)। ৰঙিয়াৰ নিউ মাৰ্কেটত চোৰৰ লুতপাত। দৈনিক এটাৰ পিছত এটাকৈ চুৰি কাণ্ডৰ ঘটনাই ৰঙিয়াত চাঞ্চল্যৰ সৃষ্টি কৰি অহাৰ সময়তে ৰঙিয়া নিউ মাৰ্কেটৰ জয়া কলিতা নামৰ অগপ নেত্ৰী গৰাকীৰ বাসগৃহত কোনো নথকাৰ সুযোগ লৈ দিন দুপৰতে চোৰে চলাই চাফাই অভিযান। ঘটনাৰ বিৱৰণী অনুসৰি কালি পুৱাৰ ভাগত মাতৃ আৰু পৰিয়ালৰ অন্য লোকৰ সৈতে জয়া কলিতাই নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰলৈ গৈ নিশা ঘৰলৈ উভতি আহি প্ৰত্যক্ষ কৰে সমগ্ৰ চুৰিৰ কাণ্ডৰ ঘটনা।
ইয়াৰ পিছতে পৰিয়ালটোৰ লোক সকলৰ মাজত সৃষ্টি হয় হুৱা দুৱাৰ। পিছত ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় ৰঙিয়া আৰক্ষী আৰু ফৰেনছিকৰ এটি দল। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখে ফৰেনছিকৰ বিশেষ দলটোৰ লগতে ৰঙিয়া আৰক্ষীয়ে । উক্ত ঘটনাত সোনৰ গহণাৰ লগতে হীৰাৰ আঙুঠি সহ নগদ ধন লুট কৰি নিবলৈ সক্ষম হয় চোৰে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা