ক্ষেত্ৰীত চোৰে লুটি নিয়ে নগদ ১ লাখ ২০ হাজাৰ টকাৰ লগতে কেইবা লাখ টকাৰ সোণৰ আ-অলংকাৰ
গুৱাহাটী, ২৫ মে (হি.স.)। ক্ষেত্ৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ চুৰিকাণ্ড। সলনাত চোৰে তহিলং কৰিলে মিথুন মজুমদাৰৰ বাসগৃহ। পৰিয়ালটো প্ৰায় এসপ্তাহ ধৰি আত্মীয়ৰ ঘৰলৈ যোৱাৰ সুযোগ লৈ চোৰে আলমিৰা ভাঙি লুটি নিয়ে নগদ ১ লাখ ২০ হাজাৰ টকাৰ লগতে কেইবা লাখ টকাৰ সোণৰ
ক্ষেত্ৰীত চোৰে লুটি নিয়ে নগদ ১ লাখ ২০ হাজাৰ টকাৰ লগতে কেইবা লাখ টকাৰ সোণৰ আ-অলংকাৰ


গুৱাহাটী, ২৫ মে (হি.স.)। ক্ষেত্ৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ চুৰিকাণ্ড। সলনাত চোৰে তহিলং কৰিলে মিথুন মজুমদাৰৰ বাসগৃহ। পৰিয়ালটো প্ৰায় এসপ্তাহ ধৰি আত্মীয়ৰ ঘৰলৈ যোৱাৰ সুযোগ লৈ চোৰে আলমিৰা ভাঙি লুটি নিয়ে নগদ ১ লাখ ২০ হাজাৰ টকাৰ লগতে কেইবা লাখ টকাৰ সোণৰ আ-অলংকাৰ।

ঘৰলৈ উভতি আহি পৰিয়ালটোৱে ঘৰৰ ভিতৰৰ সকলো সা-সামগ্ৰী লণ্ড-ভণ্ড অৱস্থাত প্ৰত্যক্ষ কৰে। উক্ত ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্য আৰু আতংকৰ সৃষ্টি কৰিছে।

ইতিমধ্যে স্থানীয় আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰা হৈছে আৰু আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande