ডিগবৈত অগ্নিকাণ্ডৰ ফলত এখন গেলামালৰ দোকান ভস্মীভূত
তিনিচুকীয়া, ২৫ মে (হি.স.)। ডিগবৈত অগ্নিকাণ্ডৰ ফলত এখন গেলামালৰ দোকান ভস্মীভূত। ডিগবৈ-পেঙেৰী সংযোগী পথৰ দাঁতিত ডিগবৈ লাচিত নগৰত অৱস্থিত এখন গেলামালৰ দোকানত নিশা অগ্নিকাণ্ড সংঘটিত হয়। সত্য ৰঞ্জন ডামৰ পুত্ৰ সুব্ৰত ডামৰ দোকানখনত কেনেকৈ নিশা অগ্নিকা
ডিগবৈত অগ্নিকাণ্ডৰ ফলত এখন গেলামালৰ দোকান ভস্মীভূত


তিনিচুকীয়া, ২৫ মে (হি.স.)। ডিগবৈত অগ্নিকাণ্ডৰ ফলত এখন গেলামালৰ দোকান ভস্মীভূত।

ডিগবৈ-পেঙেৰী সংযোগী পথৰ দাঁতিত ডিগবৈ লাচিত নগৰত অৱস্থিত এখন গেলামালৰ দোকানত নিশা অগ্নিকাণ্ড সংঘটিত হয়।

সত্য ৰঞ্জন ডামৰ পুত্ৰ সুব্ৰত ডামৰ দোকানখনত কেনেকৈ নিশা অগ্নিকাণ্ড সংঘটিত হ'ল সেই বিষয়ে জানিব পৰা হোৱা নাই।

দোকানখনৰ ভিতৰত থকা বহু খাদ্য সামগ্ৰী আৰু ষ্টেচনাৰী সামগ্ৰী সম্পূৰ্ণৰূপে জ্বলি ছাই হৈ যায়।

ঘটনাস্থলীত আই অ' চি অগ্নিনিৰ্বাপক বাহিনী আৰু মাৰ্ঘেৰিটা চৰকাৰী অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপণ কৰি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande